অসম

সোণাপুৰত আমৰি কাৰ্বি ৰাইজৰ প্ৰতিবাদ

সোণাপুৰৰপৰা দীপক ডেকা,প্ৰথম খবৰ:মহানগৰীৰ সমীপৰ ডিমৰীয়াৰ পূৱ আপৰিকলাত আমচামং অভয়াৰণ্যৰ উচ্ছেদিত লোকক সংস্হাপনৰ ব্যৱস্থা কৰাটো অতি শীঘ্ৰে বাতিল কৰা আৰু খিলঞ্জীয়া ভূমি পুত্ৰসকলৰ দখলীকৃত ভূমি অতি শীঘ্ৰে পট্টা প্ৰদানৰ দাবীত মঙল বাৰে উত্তাল প্ৰতিবাদ সাৱস্ত কৰে কেইবাশ আমৰি কাৰবি ৰাইজে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত৷

আমচাঙৰ বোজা ডিমৰীয়াত নিদিব,আমচাঙৰ উচ্ছেদিতক ডিমৰীয়াত ভূমি প্ৰদান বন্ধ কৰক, প্ৰমীলাৰাণী মুৰ্দাবাদ,অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে মঙলবাৰে উত্তাল হৈ পৰে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখভাগ৷

আমৰি কাৰ্বি  স্বায়ত্ব শাসন দাবী সমিতিৰ উদ্যোগত সদৌ অসম কাৰবি ছাত্ৰ সন্থা,পূব আম্প্ৰিকোলা ভূমি সুৰক্ষা সমিতি,টেঘেৰীয়া আঞ্চলিক আমৰি কাৰবি উন্নয়ন সমিতিৰ সহযোগত হোৱা প্ৰতিবাদী কাৰ্যসূচীত কেইবা শ আমৰি কাৰ্বি জনগোষ্ঠীৰ পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে৷

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাইজে চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ ডিমৰীয়াৰ টেঘেৰীয়াত কোনো উচ্ছেদিত লোকক সংস্থাপন কৰিব দিয়া নহ’ব বুলি হুংকাৰ দি চক্ৰ বিষয়াৰ জৰিয়তে বনমন্ত্ৰী,জিলা উপায়ুক্ত আৰু স্হানীয় বিধায়কলৈ প্ৰতিবাদকাৰীয়ে স্মাৰক পেৰণ কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close