অসমউত্তৰ পূববাণিজ্যযুৱৰাষ্ট্ৰীয়

অচিন ৰোগে দেখা দিছে বানবিধ্বস্ত অঞ্চলৰ কৃষকৰ সৰিয়ঁহৰ খেতিত

 লাহৰীঘাটৰ পৰা শামিমুল ইছলাম,প্ৰথম খবৰ:মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তগৰ্ত সৰিয়ঁহৰ খেতি সমূহে আঘোণৰ ডাঠ কুঁৱলীকো প্ৰত্যাহ্বান জনাই সমগ্র কৃষি পথাৰ খনকেই যেন সৌন্দৰ্যময় কৰি তুলিছে।সৰিয়ঁহ খেতিৰ সৌন্দৰ্যৰ লগতে মৌ মাখি,ভূমোৰাই গুণ গুণাই গান গায় বাটৰুৱা সকলৰ মন আকৰ্ষণ কৰাৰ লগতে হাড়ক মাটি কৰি খেতি কৰা কৃষক সকলৰ বাবে যেন আশাৰ ৰেঙনি হৈ পৰিছে সৰিয়ঁহ খেতি।খেতি ডৰাই আনন্দ বিৰিঙাইছে কৃষক কুলৰ মাজত।কিন্তু ঠিক তেনে সময়তে সৰিয়ঁহৰ খেতি ডৰাত হালধীয়া জকমকাই থকা ফুলত বৰ্তমান এক অচিনাকি পুকে  বিনিষ্ট কৰিবলৈ ধৰিছে,যাক লৈ এতিয়া খেতিয়কসকল চিন্তিত হৈ পৰিছে।কিন্তু ইমানৰ পিছতো এটা খৱৰ লবলৈ আহৰি নাই মৰিগাঁও জিলাৰ বিয়াগোম কৃষি বিভাগৰ।

কেৱল এয়াই নহয় অঞ্চলটোৰ কৃষি পৰিদৰ্শন কৰিবলৈ নিয়োগ কৰা বিষয়া কেইজনে সদায় দুখীয়া খেতিয়ক সকলৰ ফালে অবহেলা দৃষ্টিৰে চাই আহিছে বুলি অভিযোগ তুলিছে লাহৰীঘাট অঞ্চলটোৰ দুখিয়া কৃষক ৰাইজে।

তাৎপৰ্যপূৰ্ণ কথাটো যে লাহৰীঘাট অঞ্চলটোত বানে বিধ্বস্ত কৰি যোৱাৰ  পাছত খেতিয়ক সকলে একমাত্ৰ সৰিয়ঁহ খেতিদৰাৰ ওপৰতে সপোন দেখিছিল।কিন্তু সেই সপোন যেন এতিয়া অসাৰ প্ৰতিপন্ন হোৱাৰ দিশে আগবাঢ়িছে।

এতিয়া প্ৰশ্ন হয় খেতিয়কৰ সপোন দিঠকত পৰিণত কৰিবলৈ মৰিগাঁও জিলাৰ বিয়াগোম কৃষি বিভাগৰ সমৰ্থ হ’বনে নে হাৰ ভঙা কৃষকৰ ককালত পুনৰ কৃষি বিভাগে টাঙোনহে মাৰিব!!

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close