অসম

অপাৰেশ্বন সদভাৱনাঃ লক্ষীপথাৰত সেনাবাহিনীৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

প্ৰথম খবৰ,পেঙেৰী: ভাৰতীয় সেনা বাহিনীৰ সদভাৱনা অভিযানৰ জৰিয়তে তিনিচুকীয়া জিলাৰ সমস্যাৰে ভাৰাক্ৰান্ত লক্ষীপথাৰত আজি এক বিনামূলীয়া স্বাস্থ্য পৰিক্ষা শিবিৰ অনুষ্ঠিত হয়৷ ডিগবৈ আৰু লক্ষীপথাৰ সেনা চাওনিত নতুনকৈ যোগদান কৰা ৰাজপুতনা ৰাইফলচৰ ৯ নং বেটেলিয়ানে লক্ষীপথাৰ হাইস্কুলৰ প্ৰাংগনত অনুষ্ঠিত কৰা এই স্বাস্থ্য শিবিৰত অঞ্চলটোৰ প্ৰায় এক সহশ্ৰাদ্ধিক লোকে স্বাস্থ্য সেৱা লাভ কৰে৷ তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক সঞ্জয় কিশানৰ উপস্থিতিৰ লগতে ডিব্ৰুগড় স্থিত ৯ নং ৰাজপুতনা ৰাইফলচৰ কৰ্নেল মুকেশ পাণ্ডে,মেজৰ পুনিত শৰ্মা,লেঞ্চ নায়ক সঞ্জিৱ কুমাৰ,কেপ্তেইন ডঃ ললিত কুমাৰ আৰু চুবেদাৰ ৰণবীৰ সিঙৰ উপস্থিতিত অসামৰিক চিকিৎসক ডাঃ জয়ন্ত এক্কা, ডাঃ ৰাজীব ৰয় আৰু ডাঃ আলাউদ্দিনে জনসাধাৰনক চিকিৎসা সেৱা আগবঢ়ায়৷

Related Articles

Leave a Reply

Close