Home / অসম / অবৈধ কাঠ ফলা মেচিন সহ জব্দ ফলা কাঠ

অবৈধ কাঠ ফলা মেচিন সহ জব্দ ফলা কাঠ

খাৰুপেটীয়াৰপৰা আবুল হাছেম,প্ৰথম খবৰ:আজি দৰঙৰ দলগাঁও আৰক্ষী আৰু
বনবিভাগে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুটাকৈ অবৈধ কাঠ ফলা মিল । ঘটনা সম্পৰ্কে জানিব পৰা মতে দৰঙৰ ২ নং বৰুৱাঝাৰ গাঁৱত
দীৰ্ঘদিন ধৰি চলি থকা অবৈধ কাঠ ফলা মিলৰ সম্ভেদ বন বিভাগে বিশেষ সুত্ৰে লাভ কৰি আজি উক্ত মিল দুটাৰ বিৰুদ্ধে অভিযান চলায় ।মঙ্গলদৈৰ খণ্ড-বন বিষয়া খগেন ভৰালীৰ নেতৃত্বত যোৱা বন-কৰ্মীৰ দল এটাই দলগাওঁ আৰক্ষীৰ সহযোগত ২নং বৰুৱাঝাৰ গাঁৱৰ জুলমত আলীৰ ঘৰত অভিযান চলাই এটা কাঠ ফলা মেচিন সহ ফলা কাঠ আৰু গাওঁখনৰ পৰা আন এটা অবৈধ মিল সহ মুঠ দুটাকৈ অবৈধ কাঠ ফলা মিলৰ মেচিন জব্দ কৰাৰ লগতে ৩০ কেবি বিভিন্ন আকাৰৰ ফলা কাঠো জব্দ কৰে । জব্দকৃত কাঠ ফলা মেচিন সহ বিভিন্ন আকাৰৰ ফলা কাঠ দলগাঁও আৰক্ষীৰ সহযোগত বন কৰ্মীৰ দলটোৱে মঙ্গলদৈ খণ্ড-বন বিষয়াৰ কাৰ্য্যলয়লৈ লৈ যায়।
উল্লেখযোগ্য যে বিগত বৰ্ষত বন বিভাগে খাৰুপেটীয়াৰ নিকটবৰ্তী খেতাশ্বৰ গাৱৰ অচিনতলা গাৱত খাৰুপেটীয়া আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহত পৰিমাণৰ বিভিন্ন আকাৰৰ লাখ লাখ টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*