অসমবঙাইগাঁও

অভয়াপুৰীৰ দেওঁহাটীত ৫০ ফুট উচ্চতালৈ ওলাল গেছ,টিউৱেল বহুৱাবলৈ খন্দা গাঁতত পানীৰ সৈতে ওলাল গেছ

প্ৰথম খবৰ,উত্তৰ শালমাৰা:বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ দেওঁহাটী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মেধিপাৰা গাওঁত এটা গাতঁৰ পৰা প্ৰায় ৫০ ফুট উচ্চতাৰ ওপৰলৈ তীব্ৰ বেগত পানীৰ সৈতে গোন্ধ থকা গেছৰ নিৰ্গমণ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত তথ্য মতে গাওঁখনৰ দীনেশ চৌধুৰী নামৰ লোকজনে নিজৰ ঘৰতে বনুৱাৰ হতুৱাই এটা দমকল বহুৱাই থকা সময়তে উক্ত ঘটনাটো সংঘটিত হয় । দমকলৰ পাইপ বহুৱাবলৈ এটা দ’ গাতঁ খন্দাৰ পিছতেই হঠাৎ গাতঁ টোৰ পৰা তীব্ৰ বেগত প্ৰায় ৫০ ফুট ওপৰলৈ পানীৰ সৈতে গেছ ওলাবলৈ ধৰে। লগে লগে অঞ্চলটোত এক তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে গাওঁ খনৰ ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ততালিকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত গাঁতটো বন্ধ কৰি দিয়াত গেছ ওলোৱা বন্ধ হৈ পৰে । অৱশ্যে গেছ সম্পৰ্কত কোনো সঠিক তথ্য ওলোৱা নাই। অঞ্চলটোৰ ৰাইজ এতিয়াওঁ তীব্ৰ আতংকত ভূগি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close