অসম

অসম আৰু অসমীয়ালৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্ছ এছোচিয়েশ্বনৰ

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:ভাৰতবৰ্ষৰ বৃহৎ সংবাদ কৰ্মীৰ সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্ছ এছোচিয়েশ্বন চমুকৈ আইৰাৰ অসম ৰাজ্যিক সমিতিয়ে আগন্তুক মাঘ বিহু উপলক্ষে সমূহ ৰাজ্য বাসীলৈ অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছে।  অসমীয়াৰ বাপতি সাহোন মাঘ ও ভোগালী বিহু উপলক্ষে সমুহ অসমবাসীৰ উপৰিও ভাৰতবৰ্ষৰ অন্য প্ৰান্তত থকা অসমীয়াৰ লগতে প্ৰবাসী অসমীয়া সকললৈকো ভোগালী বিহুৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছে আইৰাৰ ৰাজ্যিক সমিতিয়ে। অসম,অসমীয়া তথা সংবাদ কৰ্মীৰ হকে মাত মাতিবলৈ সংকল্প লোৱা আইৰাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি কিৰণ কুমাৰ গগৈয়ে ৰাজ্যবাসীক বিহুৰ সময়ছোৱাত শান্তি আৰু সম্প্ৰীতি ৰক্ষা কৰি আড়ম্বৰপূৰ্ণ ভাৱে ভাতৃত্ববোধেৰে অসমীয়াৰ গৌৰৱ বিহু উদযাপনৰ বাবে আহ্বান জনাইছে। বিহুৰ সময়ত কিছুমান লোকক মদ্যপান আদি কৰি হাই উৰুমি জৰিয়তে সমাজৰ অন্য লোকৰ শান্তি ভংগ নকৰাৰ কথা কৈ আইৰাৰ ৰাজ্যিক সাধাৰণ সম্পাদক পঙ্কজ নাথে আৰক্ষী প্ৰশাসনক ইয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছে। ইয়াৰ উপৰিও সংগঠনটোৰ সম্পাদক প্ৰমোদ মলে বিহুৰ উল্লাসত কোনো সমাজ অহিতকৰ কাম নকৰিবলৈ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাই অসমবাসীৰ লগতে সমগ্ৰ বিশ্বতে বসবাস কৰি থকা অসমীয়া সকলক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰবাসী অসমীয়াসকলক বিহুৰ মাহত্য বিশ্বৰ প্ৰতিখন দেশতে প্ৰতিষ্ঠা কৰাৰ বাবে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close