শেহতীয়া
Home / অসম / অসম জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী, আটকধুনীয়া শোভাযাত্ৰা

অসম জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী, আটকধুনীয়া শোভাযাত্ৰা

বাদুলিপাৰৰপৰা পাৰ্থপ্ৰতীম বৰুৱা, প্ৰথম খবৰ: আজি সমগ্ৰ অসমতে জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়,বাদুলিপাৰতো ৰঙামাটি বহুমুখী জাতীয় বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ৮ বজাত বিদ্যালয়ৰ পতাকা আৰু একে সময়তে জাতীয় বিদ্যালয়ৰ পতাকা উত্তোলন কৰা হয়। বিদ্যালয়ৰ পতাকা উত্তোলন কৰে সমাজকৰ্মী দয়াৰাম দত্তই, আৰু জাতীয় বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ ৰঙামাটি শাখা সাহিত্য সভাৰ সভাপতি চেনিৰাম শইকীয়াই। তেখেতকসলক সহায় কৰে দিগন্ত শইকীয়া, পঙ্কজ বৰুৱা আৰু বিতুল শইকীয়াই।

পতাকা উত্তোলনৰ পাছতে বাৰেৰহণীয়া সাংকৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচীৰ আয়োজন কৰা হয়। শোভাযাত্ৰাৰ উদ্বোধন কৰে সমাজ সেৱক দিলীপ কুমাৰ বৰবৰাই আৰু তেখেতক সহায় কৰে গোলোক বৰবৰা মধ্য ইংৰাজি বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰাই। পতাকা উত্তোলন কৰি দয়াৰাম দত্তই বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়ত্ৰীক তথা অভিভাবকসকলক নতুন বছৰৰ ওলগ জনাই শিক্ষক গোটক আদৰ্শমূলক শিক্ষাদানৰ জৰিয়তে যি পোহৰ বিলাইছে তাৰ বাবে সকলোকে ধন্যবাদ জনায়, ভাষণ প্ৰসংগত দত্তই সদ্যঘোষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰসংগও উনুকিয়ায়। আয়োজিত অনুস্থানটিৰ আঁত ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*