অসমশীৰ্ষ

অৰুণাচলৰ মায়ডিয়াত প্ৰবল তুষাৰপাত:পৰ্যটকৰ বাবে যাতায়ত নিষিদ্ধ

প্ৰথম খবৰ,তালাপ:বৰফাবৃত মায়ডিয়াই পৰ্যটকক সদায়ে আকৰ্ষিত কৰি আহিছে বাবেই বিপদসংকুল পথ অতিক্ৰম কৰি প্ৰতি বছৰেই এডভাঞ্চাৰ প্ৰিয়  পৰ্যটকে সৌন্দৰ্য উপভোগ কৰি আহিছে৷ কিন্তু কালি সন্ধিয়াৰেপৰা অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাংভেলি জিলাৰ মায়ডিয়াত হোৱা বৃষ্টিপাতৰ লগতে হোৱা প্ৰবল তুষাৰপাতৰ ফলত বাটপথ বৰফেৰে ঢাকি পেলোৱাত যাত্ৰা অতি বিপদসংকুল হৈ পৰিছে৷ দেশৰ সীমান্ত অঞ্চলত পথ নিৰ্মাণৰ কামত নিয়োজিত গ্ৰীফে (GREF) জিলা আৰক্ষীলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত ৪৫কিলোমিটাৰৰ পৰা ৭৫ কিলোমিটাৰলৈ পথৰ উপৰত বৰফৰ চামনিৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে বাবে দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত পৰ্যটকক মায়ডিয়া ভ্ৰমণৰ অনুমতি দিব নালাগে।  এই বাৰ্তা পোৱাৰ পাছতেই জিলা আৰক্ষীয়ে অসম সীমান্তৰ শান্তিপুৰ তালাছী চকীলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত পৰ্যাটকক অৰুণাচল প্ৰদেশৰ প্ৰবেশৰ সময়তে পৰ্যটকক এই নিষিদ্ধকৰণৰ কথা জনাই দিবৰ বাবে নিৰ্দেশ দিছে আৰু দেওপানী নৈৰ দলঙৰ পৰা আগলৈ পৰ্যটকে প্ৰবেশ নিষিদ্ধ কৰিছে৷ উল্লেখ্য যে ড° ভূপেন হাজৰিকা সেতুৰে শদিয়া দেশৰ আন অংশৰ সৈতে সংযোগ হ’বৰে পৰা দেশৰ দীৰ্ঘতম সেতুৰ দৰ্শনৰ্থীয়ে অৰুণাচলৰ এই জিলাখনৰ আৰক্ষীক জ্বলাকলা খুৱাই আহিছে। দৈনিক হাজাৰ হাজাৰ এনে দৰ্শনাৰ্থীৰ যান বাহন নিয়ন্ৰনৰ কাম অসম আৰু অৰুণাচল আৰক্ষীৰ বাবে মুৰৰ কামোৰণী সদৃশ হৈ পৰিছে৷ আৰক্ষীৰ সুত্ৰটোৱে জনোৱামতে গ্ৰীফৰ পৰা সেউজ সংকেট পোৱাৰ পাছতহে এই নিষেধাজ্ঞা তুলি লোৱা হ’ব৷ অৰ্থাৎ অৰ্নিদিষ্ট কাললৈ মায়ডিয়া দৰ্শণৰ বাবে পৰ্যটকে অপেক্ষা কৰিবলগীয়া হ’ব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close