অসমবৰপেটা

আক্রছুৰ সভাপতি হিতেশ্বৰ বর্মনৰ পদত্যাগ

প্ৰথম খবৰ,বৰপেটা:সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা (আক্রছু )ৰ ১৪ খন জিলা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা যোৱাকালি বৰপেটা ৰোডত অনুষ্ঠিত হৈ যায়। সভাত যোৱা ১৫ ডিচেম্বৰত সভাপতি হিতেশ্বৰ বর্মনে কৰা পদত্যাগ তেখেতক পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাবলৈ এখনি সভা ২৮ ডিচেম্বৰত অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱা হৈছিল যদিও কোনো সভা অনুষ্ঠিত কৰা নকৰা বিষয়টো আলোচনা কৰা হয়৷

যোৱাকালি ১৪ খন জিলা সমিতিয়ে পুনৰ দোহাৰে যে তেওঁলোকে এই পদত্যাগ মানি নলয় আৰু তেওঁৰ নেতৃত্বে অহা ৭ ডিচেম্বৰত হবলগীয়া একত্ৰীকৰন সভাত অংশগ্ৰহণ কৰিব। এই লৈ অহা ৬ ডিচেম্বৰত এখনি সভা কোকৰাঝাৰত আহ্বান কৰা হৈছে।লগতে সভাত যিসকল জিলা সমিতিয়ে একত্ৰীকৰন প্ৰক্ৰিয়াত বিধি পঠালি দি আছে তেওঁলোকক জাতিৰ স্বাৰ্থত সহযোগ কৰিবলৈ আহ্বান জনায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close