অসম

আজিৰে পৰা আৰম্ভ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশন:কাইলৈ কবি সন্মিলন

প্ৰথম খবৰ,মাৰ্ঘেৰিটা:উজনি অসমৰ অন্যতম শক্তিশালী সাংবাদিক অনুষ্ঠান মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশন খনি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লিডুৰ ঐতিহাসিক মোলাং গাৱঁৰ দিহিং টিৰাপ সমন্বয় ক্ষেত্রত আৰম্ভ হৈছে। পুৱা সংস্থাৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰে। তাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী উদ্বোধন কৰে অভৰ্থনা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে কৃষ্ণ প্ৰসাদ শৰ্মাই। তাৰ পিছতে বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হয়। এটিকৈ দেবদাৰু গছৰ পুলি ৰোপন কৰি কাৰ্যসূচীৰ উদ্বোধন কৰে সুখদেৱ শৰ্মা দিল বাহাদুৰ ছেত্ৰী আৰু জাওঁ খামলো খামতিয়ে। দিনৰ ১০ বজাত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলন আৰু ৰূপকোঁৱৰৰ প্ৰতিকৃতিত মাল্য পৰ্ণৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে লিডু শাখা সাহিত্য সভাৰ সভাপতি চন্দ্ৰ গৌতম আৰু অৱসৰ প্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ হালৱাই। তাৰ পাছতে অনুষ্ঠিত সভাত দুয়োগৰাকী অতিথিয়ে জ্যোতি প্ৰসাদৰ গুণানুকীৰ্তনৰে বক্তব্য ডাঙি ধৰে। পাছত জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা লিডু কেন্দ্ৰীয় নামঘৰৰ শিশু শিল্পী সকলৰ দ্বাৰা ভোলা দত্ত ৰাণাজ্যোতি নেওগৰ পৰিচালনাত হৰিশ্চন্দ্ৰ উপাখ্যান শীৰ্ষক নাট ভাওঁনা খনি মন্ঞ্চস্থ হব। কাইলৈ পুৱা ৮ বজাৰ পৰা চিত্ৰাংকন ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অন্যহাতে দিনৰ ১১.৩০ বজাত দিহিং টিৰাপ নদীৰ সংগমস্থলীৰ বালিচাপৰিত কবিতাৰ এটি দুপৰীয়া অনুষ্ঠিত হ’ব। এই ব্যক্তিক্ৰমধৰ্মী কাব্যানুষ্ঠানত তিনি কুৰি জনপ্ৰিয় কবিয়ে অংশগ্ৰহণ কৰিব। বিয়লি ২ বজাত মাৰ্ঘেৰিটা সাংবাদিক সাংবাদিক সংস্থাৰ সাধাৰণ সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ’ব। গুৰুত্বপূৰ্ণ কথা সংস্থাৰ আগন্তুক ২০১৮-২০ বৰ্ষৰ কাৰ্যকালৰ সভাপতি সম্পাদকৰ পদবীৰ বাবে ব্যাপক গুণা গঠা চলিছে সদস্য সকলৰ মাজত। আগন্তুক কাৰ্যকালৰ সভাপতি পদবীৰ বাবে সুদীৰ্ঘ বছৰে সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ৰাণাজ্যোতি নেওগৰ নাম বিশেষ ভাৱে চৰ্চিত হৈছে। একাংশ সদস্যই পুনৰ সভাপতি হিচাপে ৰাম প্ৰসাদ আম্বেদকাৰকে বিচাৰিছে। অন্যহাতে সাধাৰণ সম্পাদক হিচাপে ৰাণাজ্যোতি নেওগ অপ্ৰতিদ্বন্ধী যদিওঁ ৰাণাজ্যোতি নেওগ সভাপতি হলে সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হব বিচাৰে প্ৰশান্ত চেতিয়া মানস প্ৰতীম গগৈ তপন দে আৰু মিঠুন বৰুৱাই। ইয়াৰ বিপৰীতে আগন্তুক কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক পদত বৰ্তমানৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰক অধিষ্ঠিত কৰাটো বিচাৰে একাংশ সদস্যই। আনফালে মুখপত্ৰ সম্পাদক হিচাপে নাম চৰ্চিত হৈছে পাৰ্থপ্ৰতীম গোস্বামী আৰু সমীৰণ বৰঠাকুৰৰ নাম। অৱশ্যে বিষয় বাচনি সভাত যিকোনো মুহূৰ্ততে সলনি হব পাৰে সকলো সমীকৰণ। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত বহু কেইগৰাকী শিল্পীয়ে সংগীত পৰিবেশন কৰিব।

Related Articles

Leave a Reply

Close