Home / অসম / আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱঃমূল্যায়ণৰ বাবে সাজু গোৱালপাৰাৰ ১৭৬৯ বিদ্যালয়

আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱঃমূল্যায়ণৰ বাবে সাজু গোৱালপাৰাৰ ১৭৬৯ বিদ্যালয়

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ,প্ৰথম খবৰ:
কাইলৈৰ পৰা বিদ্যালয় সমূহত আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। সীমাহীন উৎকন্ঠাৰ অন্ত পেলাই কাইলৈ গোৱালপাৰা জিলাতো অনুষ্ঠিত হ’ব গুণোৎসৱ৷ ইয়াৰ বাবে জিলাখনৰ মুঠ ১৭৬৯খন বিদ্যালয় ইতিমধ্যে সম্পূৰ্ণ সাজু উঠিছে ৷ এই বিদ্যালয় সমূহৰ ভিতৰত আছে প্ৰাথমিক,মধ্য ইংৰাজী,মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাধ্যমিক শ্ৰেণী(৬ষ্ঠৰ পৰা অষ্টম শ্ৰেণী)কেইটা৷ উল্লেখ্য যে,চাৰিদিনীয়া গুণোৎসৱৰ কাইলৈ প্ৰথম দিনটোক শূণ্য দিন ৰূপে ধৰা হ’ব৷ এই দিনটোত বিদ্যালয় সমূহৰ শিক্ষক সকলে ছাত্ৰ ছাত্ৰী সকলৰ স্বমূল্যায়ণ কৰিব। পৰবৰ্তী তিনি দিনত বহিঃ পৰ্যবেক্ষক (এক্সটাৰ্নেল এভালেটৰ) সকলে বিদ্যালয় সমূহত উপস্থিত থাকি ছাত্ত ছাত্ৰী সকলৰ বিদ্যায়তণিক মূল্যায়ণৰ লগতে শিক্ষানুষ্ঠান খনৰে সংপৃক্ত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিব৷ জানিব পৰা মতে,এগৰাকী বহিঃ পৰ্যবেক্ষকে গুণোৎসৱৰ শেষৰ তিনিদিনত মুঠ তিনি খন বিদ্যালয়ৰ মূল্যায়ণ কৰিব৷ এই বহিঃ পৰ্যবেক্ষকৰ সন্তুষ্টিৰ ওপৰতে বিদ্যালয় সমূহৰ গ্ৰেড প্ৰাপ্তি নিৰ্ভৰ কৰিব। সেয়েহে প্ৰতিখন বিদ্যালয়ে বিদ্যালয়ৰ সকলো দিশ জাকত জিলিকা আৰু আকৰ্ষণীয় কৰি তোলাত অহোপুৰুষাৰ্থ কৰি ইতিমধ্যে ছাত্ৰ ছাত্ৰী সকলোকো যিমান সম্ভৱ প্ৰস্তুত কৰি তুলিছে।এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতায়ো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বুলি জানিব পৰা গৈছে৷ গুণোৎসৱক কেন্দ্ৰ কৰি ইতিমধ্যে বিদ্যালয় অৱস্থিত প্ৰতিটো অঞ্চলতে উছৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱা দৃষ্টিগোচৰ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*