শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় / আমেৰিকাত ভীষণ ঠাণ্ডাৰ ফলত বিপৰ্যস্ত জনজীৱন

আমেৰিকাত ভীষণ ঠাণ্ডাৰ ফলত বিপৰ্যস্ত জনজীৱন

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ:বিশ্বৰ সকলোতকৈ ধনী দেশ আমেৰিকাত এতিয়া ভীষণ ঠাণ্ডাৰ প্ৰকোপ।দেশখনৰ বিভিন্ন অঞ্চল বৰফাবৃত হোৱাৰ লগতে ইতিমধ্যে বহু লোকৰ মৃত্যু হোৱা বুলিও জানিবপৰা গৈছে।বহু ৰাজ্যৰ পৰিস্থিতি প্ৰতিকূল হোৱাৰ বাবে তেনেবোৰ ঠাইত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থাৰ।

আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি,বৰ্তমানৰ পৰিস্থিতি পুনৰ কিছুদিনৰ বাবে অব্যাহত থাকিলে আগন্তুক দিনত হয়তো দেশখনত মঙ্গল গ্ৰহৰ দৰে ঠাণ্ডাই দেখা দিব।লক্ষণীয় যে, ১৩৩ বছৰ পিছত আমেৰিকাত পুনৰ এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।’বম্ব চাইক্লোন’ৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিবপৰা গৈছে।উক্ত চাইক্লোনৰ বাবে বিভিন্ন ঠাইত তাপমাত্ৰা ০ ডিগ্ৰী চেলচিয়াছৰ তললৈ গৈছে।জৰ্জিয়া আৰু কেলিফৰ্ণীয়া নগৰ দুখন সম্পূৰ্ণৰূপে বৰফেৰে আবৃত হৈ পৰিছে।এই চাইক্লোন শেহতীয়াকৈ নিউ ইংলেণ্ডৰ পিনে অগ্ৰসৰ হৈছে।এক মিডিয়া ৰিপ’ৰ্ট অনুসৰি,দেশখনত হোৱা এনেকুৱা পৰিস্থিতিৰ বাবে ২৭০০ বিমান ইতিমধ্যে বাতিল কৰা হৈছে।উল্লেখ্য, এই চাইক্লোনৰ প্ৰভাৱ কেৱল আমেৰিকাতেই নহয়;ব্ৰিটেইনৰ পশ্চিম দিশ তথা আয়াৰলেণ্ডতো পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*