অসম

ইণ্ডিয়ান ৰেড ক্ৰছ চ’ছাইটিৰ উদ্যোগত হামৰেণৰ আৰচঙত বিনামূলীয়া চিকিৎসা শিবিৰ

প্ৰথম খবৰ,খেৰণি:পশ্চিম কাৰ্বি আংলং তথা দুৰ্গম পাহাৰীয়া অঞ্চলৰ আৰচঙত আজি দিনজোৰা কাৰ্যসূচীৰে ইণ্ডিয়ান ৰেড ক্ৰছ চ’ছাইটিৰ কাৰ্বি আংলং শাখাই সহস্ৰাধিক ৰাইজৰ মাজত আগবঢ়ালে বিনামূলীয়া চিকিৎসা সেৱা। বিভিন্ন প্ৰকাৰৰ ঔষধ আৰু সহায়কাৰী কৰ্মীসহ আৰচঙলৈ বুলি যোৱা চিকিৎসকৰ দলটোয়ে বিভিন্ন ৰোগত আক্রান্ত হৈ থকা বৃহত্তৰ অঞ্চলটোৰ ৰোগীক পুংখানুপুংখভাৱে পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসা প্ৰদানৰ লগতে যাৱতীয় দিহা-পৰামৰ্শ আদি প্ৰদান কৰে। প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাথমিক চিকিৎসা প্রদানকাৰী কৰ্মী চিতাৰাম দৰ্জীসহ মুঠ ১১ জনীয়া চিকিৎসা প্ৰদান কৰিবলৈ অহা দলটোয়ে মেলেৰিয়া,ডাইৰিয়া, পানীলগা,চৰ্মৰোগ আদিৰ ঔষধপাতি ৰোগীক প্ৰদান কৰাৰ লগতে ঔষধযুক্ত আঁঠুৱা,প্লাষ্টিক পাটী,কাঁহী-বাতি,গ্লাছ-চামুচ আদিও প্ৰদান কৰা পৰিলক্ষিত হয় প্ৰাপ্য ৰোগীৰ মাজত উল্লেখিত চ’ছাইটিটোয়ে। উল্লেখ্য যে আয়োজিত বিনামূলীয়া চিকিৎসা সেৱাৰ সৈতে সংগতি ৰাখি আৰচং খেলপথাৰত সমান্তৰালকৈ আয়োজন কৰা হয় চিকিৎসা বিষয়ক লৈ এখন মুকলি সভা। উক্ত সভাত অংশ লয় ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটিৰ কাৰ্বি আংলং শাখাৰ অধ্যক্ষ তথা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰ,ছ’চাইটিৰ সম্পাদক বৰছিং ফাংছ’, চিকিৎসা সেৱাৰ লগত জড়িত অন্যান্য বিষয়ববীয়াৰ লগতে বৈঠলাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি,কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গলছিং তিমুং প্ৰমুখ্যে পৰিষদীয় হামৰেণ সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ ক্ৰমে অধ্যক্ষ ছাৰছিং ফাংছ’,প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ’, পৰিষদীয় কৃষি বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰণ,অন্যান্য বিশিষ্ট অতিথি, বিজেপি নেতা-কৰ্মী আৰু ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে উল্লেখিত সভাত ও চিকিৎসা শিবিৰত। সভাত ৰাইজক উদ্দেশ্যি জনপ্ৰতিনিধি মঙ্গলছিং তিমুঙে উল্লেখ কৰে যে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি হয়,সেয়ে আমি আমাৰ দৈনন্দিন কামকাজ কৰি যাবৰ বাবে সুস্থ দেহৰ অধিকাৰী হোৱাতো বাৰুকৈয়ে প্ৰয়োজন আৰু সুস্থ মন পাবলৈ হলে তাৰ বাবে আমি সদায় যত্ন লোৱাটো নিতান্তই জৰুৰী বা দৰকাৰ।

আনহাতে একেটা দিনতে ২০১৭-১৮ বৃত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ এ ডি এছ-ৰ অধীনত উক্ত অঞ্চলত অৱস্থিত আৰচং খেলপথাৰত খেলপথাৰ উন্নয়ন আৰু মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীও ৰূপায়ন কৰে। উল্লেখ্য যে কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদীয় সদস্য মঙ্গলছিং তিমুঙৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা পৰিলক্ষিত হয় বৈঠলাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপিয়ে।

Related Articles

Leave a Reply

Close