অসমযোৰহাটশীৰ্ষ

ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

যোৰহাটৰ পৰা ঋতুৰাজ ফুকন,প্ৰথম খবৰ: দিনে দিনে বাঢ়ি অহা ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷চহৰখনৰ মিঠাপুখুৰীত অৱস্থিত সংগঠনটোৰ কাৰ্য্যালয়ৰ সমীপত এখন গাড়ী ঠেলি এক প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে৷ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবেই যে এতিয়া সৰ্বসাধাৰণ ৰাইজে যানবাহন ইন্ধনত নহয়,ঠেলি ঠেলিহে চলাবলগীয়া অৱস্থা পাইছেগৈ তাকে প্ৰতীকি ৰূপে দেখুৱাই মূল্য বৃদ্ধি ৰোধৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে৷তদুপৰি শাসিত দল বি জে পিৰ চব কা সাথ চব কা বিকাশ শ্ল’গান এতিয়া পুজিপতিৰ সাথ নৰেন্দ্ৰ মোডীৰ বিকাশত পৰিণত হৈছে বুলি উল্লেখ কৰে৷

Related Articles

Leave a Reply

Close