অসমতেজপুৰ

উত্তৰ পশ্চিমতেজপুৰ সাহিত্য সভাৰ চতুৰ্থ-দ্বিবাৰ্ষিক;নতুন সমিতি গঠন

তেজপুৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ:অসম সাহিত্য সভাৰ অন্যতম শাখা উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিবেশন আজি কুন্ডাৰবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় । শাখা সভাৰ সভাপতি অৰুন বৰাই পতাকা উত্তোলন আৰু ৰাজ্যিক সদস্য নৃপেন কুমাৰ দাসে স্মৃতি তৰ্পনৰ পিছত অনুষ্ঠিত প্ৰতিনিধি সভা । জিলা কোষাধ্যক্ষ অপুৰ্ব বৰাই উদ্ধোধন কৰা সভাখনত সম্পাদকীয় প্ৰতিবেদন আৰু হিচাপ প্ৰতিবেদন সৰ্বসন্মত ভাবে গৃহীত কৰা হয়।জিলা সভাপতি স্বাধীনতা মহন্ত আৰু জিলা সম্পাদক বিপুল কুমাৰ নাথ পয্যবেক্ষক হিচাপে অংশ গ্ৰহণ সভা খনত বংকিম বৰুৱাক সভাপতি ,বসন্ত কাকতি,কামেশ্বৰ দাসক উপসভাপতি ,ৰবিন বৰাক সম্পাদক হিচাপে লৈ ২০১৮ -২০২০ বৰ্ষৰ সমিতি গঠন কৰা হয়।বিয়লি শাখা সভাপতি অৰুন বৰাৰ পৌৰহিত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট সাহিত্যিক ৰাম চন্দ্ৰ চুতিয়া ,শোনিতপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক নিতুল বৰা উপস্থিত থাকে ।মুকলি সভাত উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই ২০১০ চনৰ পৰা বিভিন্ন ব্যক্তিৰ সোৱৰণত এলানি বটা প্ৰদান কৰি অহা। ১৩ টা স্মাৰক বটা ২০১৭-১৮ বৰ্ষ আজিপ্ৰদান কৰা হয় । সেউজ গণ শিল্পী উমা কান্ত বৰুৱা স্মাৰক বটা নাট্যকাৰ , সাংবাদিক পুলক কুমাৰ ডেকাক(নাটক-মোৰ পত্নীৰ বিয়া) ,নাট্যসম্ৰাট প্ৰফুল্ল বৰা স্মাৰক বটা নাট্যকাৰ পৰিচালক অৰ্পন বেজবৰুবাক(নাটক-কুকুৰি কণাৰ বিয়া), দিলীপ চৌধুৰি স্মাৰক বটা দ্বিপেন বৰাক,সদ্য প্ৰয়াত শিল্পী পেঞ্চনাৰ প্ৰফুল্ল শইকীয়া স্মাৰক বটা বিশিষ্ট শিল্পী প্ৰমোদ বৰাক ,শাখা সভাৰ প্ৰাক্তন উপসভাপতি প্ৰভাত চন্দ্ৰ বৰুৱা স্মাৰক বটা সমাজ কৰ্মী অৰুন বৰাক ,বায়ন মহেন্দ্ৰ কলিতা স্মাৰক বটা তেজপুৰৰ ইউ বি ফটো সাংবাদিক সমীৰ কৰক ,কৱি যাদৱ শৰ্মা স্মাৰক বটা দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ গহন চন্দ্ৰ মহন্তক , জনপ্ৰিয় যুৱক অলক কটকী স্মাৰক বটা সাংবাদিক সঞ্জিৱ হাজৰিকাক, শিপ্লী গজেন দাস স্মাৰক বটা ডম্বৰু মহন্তক ,মিনতি কলিতা স্মাৰৱ বটা ধনপ্ৰভা ৰায় চৌধুৰিক ,সমাজকৰ্মী ৰুপজ্যোতি কলিতা স্মাৰক বটা প্ৰণব শইকীয়াক,শিল্পী কল্পনা বৰুৱা স্মাৰক বটা নৃত্যশিল্পী নিকিতা পটঙ্গীয়াক আৰু লাকী কলিতা স্মাৰক বটা অনুভৱ পৰাশৰক আনুষ্ঠানিক ভাবে প্ৰদান কৰা হয়৷

Related Articles

Leave a Reply

Close