অসম

উমৰাংছ’ত ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ:গ’ল্ফ ফিল্ডৰ নৈৰ পাৰত মৃতদেহ উদ্ধাৰ নাবালিকাৰ

প্ৰথম খবৰ,খেৰণি:পাৰ্বত্য জিলা ডিমা হাছাওৰ উমৰাংছ’ত চাঞ্চল্যকৰ ঘটনা। উমৰাংছ’ থানা অন্তৰ্গত অৱস্থিত গ’ল্ফ ফিল্ডৰ নৈৰ পাৰত যোৱাকালি এগৰাকী নাবালিকাৰ মৃতদেহ উদ্ধাৰ। পূৰ্বতে বহিঃৰাজ্যত কিশোৰী,যুৱতী অথবা মহিলাসকল যে কোনোটো প্ৰকাৰে সুৰক্ষিত নহয় সেই খৱৰে প্ৰতি দিনেই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে বুলি অনুমান হৈছিল কিন্তু এতিয়া অনুৰূপ ঘটনা নিতৌ সংঘটিত হবলৈ ধৰিছে এইখন ৰাজ্য তথা এইখন অসমতে। ধৰ্ষণ,যৌতুকজনিত হত্যা,দেহব্যৱসায় ভিত্তিক অপহৰণ-সৰবৰাহ আদি চাঞ্চল্যকৰ ঘটনাৰ খবৰবোৰ এতিয়া অসমৰ সংবাদজগতৰ সবাতোকৈ প্ৰথমতো খৱৰ হৈ পৰিছে এইখন ৰাজ্যত। অসমত নাৰী জাতিটো যে সুৰক্ষিত নহয় তাকেই প্ৰমাণ কৰি আহিছে এনেবোৰ ঘটনাই। নৰপিশাষৰ হাতত কামনাৰ বলি হবলৈ ধৰিছে নিৰ্দোষী কিশোৰী,যুৱতী অথবা মহিলাই। অপৰাধজনীত কাণ্ডত লিপ্ত হবলৈ যেন অকনো ভয় নকৰা হৈছে,কেৰেপ নকৰা হৈছে আইন,আৰক্ষী অথবা প্ৰশাসনক অপৰাধীয়ে। এইবাৰ তেনেই এক শিহৰণকাৰী পাশৱিক ঘটনা সংঘটিত হ’ল ডিমা হাছাওৰ উমৰাংছ’ত। উমৰাংছ’ৰ গ’ল্ফ ফিল্ডৰ নৈৰ পাৰত যোৱাকালি উদ্ধাৰ হ’ল এগৰাকী ৬ বছৰীয়া নাবালিকাৰ মৃতদেহ। অঞ্জনা বেগম নামৰ নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে। আৰু এনে পাশৱিক কাণ্ডৰ নায়ক হিচাপে স্থানীয় ৰাইজে সন্দেহ আৰু অভিযোগৰ আঙুলি টুৱাইছে একেটা অঞ্চলত প্ৰতিবেশী হিচাপে বাস কৰি থকা বিশাল দত্ত নামৰ ১৩ বছৰীয়া কিশোৰজনৰ বিৰুদ্ধে। কাৰণ একাংশৰ দাবী যে বিশাল দত্ত নামৰ ১৩ বছৰীয়া কিশোৰগৰাকীয়ে নিতৌ অঞ্জনা বেগমক লগত লৈ লক্ষ্যস্থান বিহীনভাৱে অঞ্চলটোৰ ইমূৰৰ পৰা সিমূৰলৈ জ্ঞাতে-অজ্ঞাতে ঘুৰি ফুৰিছিল। স্থানীয় ৰাইজে যতেই লগ পায় কেৱল দুয়োকে একেলগে দেখা পায়। সেয়ে এই কাণ্ডৰ মূল অভিযুক্ত বা নায়ক বিশাল দত্ত বাহিৰে দ্বিতীয় আৰু কোনো নহয় বুলি বিশাল দত্তৰ বিৰুদ্ধে ৰাইজে অভিযোগ তুলিছে আৰু পৰিপ্ৰেক্ষিতত কিশোৰগৰাকীৰ বিৰুদ্ধে গোচৰ নম্বৰ ১/১৮,৩০২/২০১ ধাৰাৰ এক গোচৰ ৰুজু কৰিছে অঞ্জনাৰ পৰিয়ালে। গোচৰৰ ভিত্তিত অভিযুক্ত বিশাল দত্তক উমৰাংছ’ আৰক্ষীয়ে আটক কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিছে উমৰাংছ’ আৰক্ষীয়ে। উল্লেখ্য যে উক্ত শিহৰণকাৰী ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলজুৰি এক চেপা-উত্তেজনা সৃষ্টি হয় আৰু পৰিণতিত উত্তেজিত ৰাইজে বিশাল দত্তৰ বাসগৃহত আক্ৰমণ চলায় বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ কিছু সাম কাটে উল্লেখিত অঞ্চলটোত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close