অসম

এইবাৰ ব্যতিক্ৰমী ৰূপত বিধায়িকা আঙুৰলতা

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ:আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাটস্থিত গোপালঘাত নাট্যচৰাত দলংঘাট উন্নয়ন খণ্ডৰ অধীনৰ চাৰিটা পঞ্চায়তৰ হিতাধিকাৰীৰ মাজত “অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান”ৰ অধীনত গ্ৰাম্য আত্মসহায়ক গোটে ক্ৰয় কৰা পাঁচখন ই ৰিক্সা বিতৰণ কৰে বিধায়িকা আঙুৰলতা ডেকাই।উক্ত বিতৰণি সভাত লগতে উপস্থিত থাকে নগাওঁ জিলাৰ উপায়ুক্ত চমচেৰ সিং আৰু প্ৰজেক্ট অফিচাৰ চন্দন তালুকদাৰ। প্রায় দ্বি শতাধিক ৰাইজৰ উপস্থিতিত আয়োজন কৰা এই সভাত বিধায়িকা গৰাকীয়ে নাৰী সৱলীকৰণ সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তৱ্য প্ৰকাশ কৰে। আৰু উল্লেখনীয় ভাবে আজি বিধায়িকা গৰাকীক দেখা গল এক অনন্য ৰূপত। ই ৰিক্সা সমূহ বিতৰণ কৰি বিধায়িকা গৰাকীয়ে নগাঁও জিলাৰ উপায়ুক্ত গৰাকীক এখন গাড়ীত বহুৱাই এপাক ফুৰাই অনা দৃশ্য আছিল অতি দৃষ্টিনন্দন। তদুপৰি অনাগত দিনটো মহিলা সকলে যাতে আৰু নৱ উদ্যমেৰে কাম কৰি যাব পাৰে তাৰ প্ৰতিও উৎসাহ প্ৰদান কৰা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close