অসম

একাদশ অসম আৰক্ষী বাহিনীৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰথম খবৰ,দেৰগাওঁ:আজি দেৰগাঁৱস্হ একাদশ অসম আৰক্ষী বাহিনীৰ চৌহদত বাহিনীটোৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্নাঢ্য কায্যসূচীৰে উদযাপন কৰা হয়। ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্হিতি নিয়ন্ত্ৰনৰ ক্ষেএত প্ৰতিষ্ঠাৰ দিন ধৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা একাদশ অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা সাত বজাত স্মৃতি তৰ্পণ অনুষ্ঠিত হোৱাৰ পিছতে ন বজাৰ পৰা মুল কাৰ্যসূচী অনুষ্ঠিত হয়। ৯-৩০ বজাত প্ৰতিষ্ঠা দিৱসৰ কায্যসূচী অনুষ্ঠিত হোৱা বাহিনীৰ পেৰেদ গ্ৰাউন্দত উপস্হিত হয় মুখ্য অতিথি তথা বাহিনীটোৰ বৰ্ত্তমানৰ অধিনায়ক আবু চুফিয়ান। অধিনায়ক পেৰেদ গ্ৰাউণ্ডত উপস্হিত হোৱাৰ পিছত বাহিনীৰ জোৱান বিষয়া সকলে আকষনীয় সামৰিক কুচ-কাৱাজ প্ৰদৰ্শন কৰি মুখ্য অতিথি আৰু উপস্হিত ৰাইজক অভিবাদন জনায়। শতাধিক আৰক্ষী জোৱান আৰু বিষয়াৰ কুচ-কাৱাজৰ পিছতে অধিনায়ক আবু চুফিয়ানে সকলোকে উদেশ্য কৰি গুৰুত্বপূৰ্ণ আদৰণি ভাষন প্ৰদান কৰে। উল্লেখযোগ্য যে,জনগাঁঠনিৰ দিশৰ পৰা একাদশ অসম আৰক্ষী বাহিনী অসম আৰক্ষীৰ সববৃহৎ বাহিনী। বৰ্তমান একাদশ অসম আৰক্ষী বাহিনীৰ ২৮ টা কাৰ্যকৰী গুল্ম ৰাজ্যৰ কেইবাখনো জিলাত আইন শৃংখলাজনিত কাম-কাজত মোতায়ন কৰি ৰখা হৈছে। একাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কায্যালয় ১৯৮৭ চনৰ মে’ মাহত কপাঁহতলি ফিল্ডৰ পৰা বৰ্ত্তমানৰ স্হানলৈ কৰা হয় আৰু তেতিয়াৰ পৰাই এই বাহিনীৰ পৰা অসম আৰক্ষীলৈ বহু আগশাৰীৰ দক্ষ আৰক্ষী বিষয়া ওলাই গৈছে। আজিৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত বাহিনীটোৰ আবাসিক এলেকাৰ শিশু আৰু বাহিনীটোৰ আৰক্ষী জোৱানে সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰে। বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে কেক কাটি বাহিনীটোৰ আৰু অধিক উন্নতি কামনা কৰে। আজিৰ অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক অধিনায়ক আবু চুফিয়ান আৰু বিশিষ্ট অতিথি সকলে পুৰস্কাৰ প্ৰদান কৰে। একাদশ অসম আৰক্ষী বাহিনীৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনৰ কাৰ্যসূচীত বিশিষ্ট লেখক সাহিত্যিক অৰুণ গোস্বানী যুৱ সাংবাদিক বিচিএ ভূষন কলিতা,দীপক শইকীয়া,পলাসজ্যোতি বৰা,আব্দুল মান্নাফ আৰু সমাজকৰ্মী দেৰগাঁও সাহিত্য সভাৰ সভাপতি সাহিত্যিক নুৰুল চুলতানে বিশেষভাৱে অংশ লয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাহিনীটোৰ প্ৰেক্ষাগৃহত সন্ধ্যা ভাগৰ পৰা এক আকষণীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Related Articles

Leave a Reply

Close