Home / অসম / একুৰি কবিৰ কবিতাৰে জীপাল হ’ল চৰাইদেউ মৈদামক্ষেত্ৰ

একুৰি কবিৰ কবিতাৰে জীপাল হ’ল চৰাইদেউ মৈদামক্ষেত্ৰ

শিমলুগুৰিৰপৰা নেকিবুল হক;প্ৰথম খবৰ:ইতিবাচক চিন্তাৰে গঠন কৰা সামাজিক দায়বদ্ধ গোট ৰ’দালিৰ ছাঁৰ উদ্যোগত অাজি চৰাইদেউ মৈদামক্ষেত্ৰত ‘ঘাঁহনিৰ কবিতা’ শীৰ্ষক এক ব্যতিক্ৰমি কাব্যানুষ্ঠান সম্পন্ন কৰা হয়। চছিয়েল মিডিয়া ফেচবুকত চিনাকি হোৱা একাংশ সাহিত্যনুৰাগীৰ প্ৰচেষ্ঠাত গঠন হোৱা ‘ৰ’দালিৰ ছাঁ’ নামৰ এই গোটটোৰদ্বাৰা প্ৰকাশিত দ্বি-মাসিক অালোচনী ‘ৰ’দালিৰ ছাঁ’ দ্বিতীয় প্ৰকাশৰ লগত সংগতি ৰাখি অাজি অনুষ্ঠিত কৰা কবিতা পাঠৰ অনুষ্ঠানটোৰ অাঁত ধৰে অালোচনীখনৰ কাৰ্যবাহী সম্পাদক অভিজিৎ ভূঞাই। দৈনন্দিন যান্ত্ৰিকতাৰ কৰ্মসূচীৰ পৰা অাঁতৰি প্ৰাকৃতিক পৰিৱেশৰ মাজত অাজি অনুষ্ঠিত কবিতা পাঠ অনুষ্ঠানত বৈকুণ্ঠ বৰকাকতী,ৰজনী মেছ, জোনালী দত্ত,বিপিন হাজৰিকা,প্ৰদীপ চেতিয়া ফুকন,ৰূপজ্যোতি হাজৰিকা,জয়ন্ত দত্ত, পল্লৱজ্যোতি হাজৰিকা,সুষমা চাংমাই কোঁৱৰ, জুপিতৰা মহন,চাওচিং ৰাজকুমাৰী,মিতালী শৰ্মাকে ধৰি একুৰি কবিয়ে কবিতা পাঠ কৰি জীপাল কৰি তোলৰ চৰাইদেউ মৈদমক্ষেত্ৰ। ৰ’দালিৰ ছাঁ অালোচনীৰ যুটীয়া সম্পাদক মন্দিৰা দুৱৰা,শিখা ভূঞা হাজৰিকাৰ লগতে অাতিকুৰ ৰহমান,পাৰ্থ হাজৰিকা,প্ৰণৱ দুৱৰাৰ উপৰিও যথেষ্ট সংখ্যক ব্যক্তি উপষ্ঠিত থকা এই কাব্যানুষ্ঠানতে ৰ’দালিৰ ছাঁ ফটোগ্ৰাফী প্ৰতিযোগিতা ২০১৮ ৰ বঁটা প্ৰাপক অভিৰাজ মহনক বঁটা প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*