Home / অসম / এক হাজাৰ এগৰাকী আয়তীৰ জলাৰোহনেৰে উদুলি-মুদুলি সোণাইপাৰ

এক হাজাৰ এগৰাকী আয়তীৰ জলাৰোহনেৰে উদুলি-মুদুলি সোণাইপাৰ

বটদ্ৰবাৰপৰা মানসজ্যোতি মহন্ত;প্ৰথম খবৰ:যোৱা ২৩ জানুৱাৰীৰ পৰা ৭ দিনীয়া কাৰ্য্যসূচীৰে ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰিনাথ মন্দিৰত চলি আছে শ্ৰী শ্ৰীমহাৰুদ্ৰ যজ্ঞ।সহস্ৰাধিক ভক্তৰ সমাগমেৰে উদুলি মুদুলি গৌৰিনাথ শিৱ মন্দিৰৰ বাকৰি। অাজি চতুৰ্থ দিনা এক হাজাৰ এগৰাকী আয়তীৰ জলাৰোহন কাৰ্যসূচী সম্পন্ন হয়। সোণাইপাৰৰ পকামূৰা ঘাটৰ পৰা পানী তুলি অানি গৌৰিনাথ শিৱমণ্ডিৰৰ নবনিৰ্মিত শিৱলিঙ্গত অৰ্পন কৰে।আয়তীৰূপে কাৰ্য্যসুচীভাগ আনুষ্ঠানিকভাৱে শুভৰাম্ভনি কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাই। বেদ মন্ৰৰ ধ্বনিৰে ভক্তিৰ ৰসেৰে জীপাল হৈ পৰিছে সোণাই নৈৰ ইপাৰ সিপাৰ। বৰ্ণাঢ্য ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে অাৰম্ভ হোৱা এই ৰুদ্ৰ যঞ্জত ২৮ জানুৱাৰীত ধৰ্মীয় অালোচনাত ভাগ লব অসমৰ মুখ্যমন্ৰী সৰ্বানন্দ সোণোৱালে। উক্ত অনুষ্ঠানত সমুহ ৰাইজৰ উপষ্ঠিতি উৎযাপন সমিতিয়ে বিশেষভাৱে কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*