অসম

এজন ব্যতিক্ৰমী বিধায়কৰ ৰূপত বৃন্দাবন গোস্বামী

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ: এজন নেতা। অসম আন্দোলনৰ সক্ৰীয়। অসম চুক্তি স্বাক্ষৰৰ কালতো সক্ৰিয় নেতৃত্ব প্ৰদান কৰিছিল।ৰাজনৈতিক জীৱনত বহু ঘাট প্ৰতিঘাটৰ মাজৰে ২৫ বছৰ ধৰি বিধায়ক হৈ তেজপুৰৰ দৰে সমষ্টিৰ পৰা অসম বিধাান সভালৈ শিক্ষামন্ত্ৰীৰ দৰে দায়িত্ব লৈ কায্যনিবাহ কৰিছিল। হয় তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামীৰ কথা। এই জ্যেষ্ঠ বিধায়কজনক দেখা গল নতুন ৰূপত। নতুন বছৰত নতুন চিন্তাৰে ” আশাৰ তেজপুৰৰ” কথা ক’লে আজি বিধায়ক বৃন্দাবন গোস্বামীয়ে। তেজপুৰ এক শৈক্ষিক কেন্দ্ৰ ৰূপ দিয়া,পৰ্যটন কেন্দ্ৰ,ঐতিহ্য নগৰ আৰু তেজপুৰ স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা লোৱাৰ কথা ঘোষনা কৰি তেজপুৰৰ সাংবাদিকৰ আগত মনৰ কথা ব্যক্ত কৰিলে জ্যেষ্ঠ বিধায়কজনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close