অসমযুৱ

এনৰেগা আঁচনিৰ দিন হাজিৰা নাপায় হাহাকাৰ অৱস্থা শ্রমিকৰ

বাদুলিপাৰৰ পৰা পাৰ্থপ্ৰতীম বৰুৱা,প্ৰথম খবৰ:গোলাঘাট জিলা বোকাখাত বিধান সভা সমষ্টি তথা গোলাঘাট পশ্চিম উন্নয়ণ খণ্ড।বোকাখাতৰ অন্তৰ্গত ১৯ নং ৰঙামাটি কৈৱৰ্ত্ত গাওঁ পঞ্চায়তৰ কেইবাটাও ৱাৰ্ডত আজিৰপৰা প্ৰায় আঢ়ৈ মাহ পূৰ্বে “এনৰেগা আঁচনীৰ” অধিনত কেইবাটাও পথ নিৰ্মাণ কাৰ্য্য হাতত লৈছিল।ইয়াৰ ভিতৰত ৯নং ছেউনী ৱাৰ্ডত প্ৰায় চাৰে ন লাখ টকা ব্যয় সাপেক্ষেৰে এটি কৃষিবান্ধ নিৰ্মাণ কৰিছিল।কৃষিবান্ধটোত দিনে ১৩০ ৰপৰা ১৫০ জন জৱকাৰ্ড হলডাৰে কাম কৰিছিল,পৰিতাপৰ কথা এইয়ে যে আজিকোপতি শ্রমিকে এটা টকাও পোৱা নাই।অকল এইয়াই নহয় উল্লেখীত আঁচনীৰ অধিনত ব্যক্তিগত হিতাধিকাৰী আঁচনি,চমুকৈ (IBS)ৰ ধনো হীতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই শ্রমিক সকল,মাত্ৰ এটা কৃষ্টিৰ ২০০০ টকা লৈয়ে ক্ষান্ত থাকিব লগা হৈছে শ্রমিক,যিটো আঁচনি উদ্বোধন কৰিছিল অসম চৰকাৰৰ বৰ্তমানৰ কৃষিমন্ত্ৰী অতুল বৰাই।জানিবলৈ পোৱা মতে এসপ্তাহৰ ভিতৰত যদি শ্রমিকৰ হাজিৰা বিভাগীয় কৰ্তৃপক্ষই আদায় নিদিয়ে তেতিয়া পঞ্চায়ত কাৰ্য্যালয় আৰু খণ্ড উন্নয়ণ কাৰ্য্যালয় ঘেৰাও কৰিব ভুক্তভূগী শ্রমিকে।

Related Articles

Leave a Reply

Close