অসম

কপিলী খণ্ড সমল কেন্দ্ৰৰ উদ্যোগত চাৰিদিনীয়া শিক্ষক প্ৰশিক্ষণ

বাৰপূজীয়াৰপৰা মোহন হাজৰিকা,প্ৰথম খবৰ:মৰিগাওঁ জিলা সৰ্ব্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত কপিলী খণ্ড সমল কেন্দ্ৰৰ উদ্যোগত যোৱা ৮ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ মুঠ দুটা পৰ্যায়ত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়৷কপিলী শিক্ষা খণ্ডৰ প্ৰাথমিক পৰ্যায়ৰ ২২৪ গৰাকী,উচ্চ মাধ্যমিকৰ ১৫৩ গৰাকী,সৰ্ব্বমুঠ ৩৭৭ গৰাকী শিক্ষক শিক্ষয়ত্ৰীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷যোৱা ৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাওঁ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰমেশ চন্দ্ৰ বৰাই৷লগতে দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধন কৰে কপিলী শিক্ষা খণ্ডৰ জেষ্ঠ গাণণিক বিষয়া সৌমিত্ৰ পালে৷প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কপিলী খণ্ড প্ৰাথমিক বিষয়া লেখামনি হীৰা,জিলা আচঁনি বিষয়া লক্ষীনন্দন শইকীয়া আৰু ৰাজেন গোস্বামী৷খণ্ডটোৰ মুঠ দুটা স্থানত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ক্ৰমে-পূৱ জালূগুটি প্ৰাথমিক বিদ্যালয় আৰু বি,আৰ, চি কপিলীত৷দক্ষ ব্যক্তি হিচাপে উপস্থিত থাকে সঞ্জীৱ কুমাৰ নাথ,গিৰিণ বৰকাকতি,পৱন শৰ্মা,উমাকান্ত দাস,উপেন্দ্ৰ কুমাৰ নাথ,আজিমা বেগম,পাৰ্থ প্ৰতিম দেৱনাথৰ লগতে পূৱ জালুগুটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমাকান্ত দাস আৰু কপিলী শিক্ষা খণ্ডৰ এম, আই, এছ বিষয়া চন্দ্ৰ গোস্বামী৷

উল্লেখ্য যে এই প্ৰশিক্ষণ কাৰ্যসূচীত শিক্ষক শিক্ষয়ত্ৰী সকলক মূলত অসমীয়া, ইংৰাজী,হিন্দী,গণিত,বিজ্ঞান,সমাজ বিজ্ঞান,পৰিৱেশ অধ্যয়ন আদি বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close