Home / অসম / কলগাছিয়াত এন আৰ চিৰ খচৰা আৰু ডি ভোটাৰ সম্পৰ্কে অধিবক্তা সন্মিলন

কলগাছিয়াত এন আৰ চিৰ খচৰা আৰু ডি ভোটাৰ সম্পৰ্কে অধিবক্তা সন্মিলন

কলগাছিয়াৰপৰা আব্দুল হাই;প্ৰথম খবৰ:বৰপেটা জিলাৰ কলগাছিয়াত আজি বৰপেটা নাগৰিক সমিতিৰ উদ্যোগত এন আৰ চিৰ খচৰা আৰু ডি ভোটাৰ সম্পৰ্কে অধিবক্তা সন্মিলন অনুষ্ঠিত হৈ যায়।কলগাছিয়াৰ ফখৰুদ্দিন আলি আহমেদ সংহতি ভৱনত জনীয়াৰ বিধায়ক আব্দুল খালেকৰ পৌৰহিত্বত অনুষ্ঠিত হয় এই সভা। সভাত অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া,প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ উপৰিও উদ্বোধক হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন অতিৰিক্ত মহাধিবক্তা সত্যেন শৰ্মা।সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চৈয়দ বুৰহানুৰ ৰহমান,মোস্তফা খাদ্দাম হুছাইন সহ প্ৰায় দুই শতাধিক অধিবক্তা আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত দেবব্ৰত শইকীয়াই অভিযোগ কৰি কয়,বিজেপি চৰকাৰে ধন নিদিয়াৰ বাবে পলম হৈছে এন আৰ চিৰ কাম।আনহাতে এই অধিবক্তা সন্মিলন অনুষ্ঠিত কৰি দুখীয়া ভাৰতীয় নাগৰিকক আইনী সাহাৰ্য্য প্ৰদান কৰিব বুলি বিধায়ক আব্দুল খালেকে কয়। আনহাতে কংগ্ৰেছ ইউ ডি এফৰ মিত্ৰতা প্ৰসংগত মৌলানা বদৰ উদ্দিন আজমলৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শইকীয়াই কয়,আজমলে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিছে আৰু যিসকলে কংগ্ৰেছৰ নিয়ম নীতি মানি চলিব তেওঁলোকৰ লগত হে মিত্ৰতা হ’ব বুলি শইকীয়াই প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*