সভা-সমিতি

কলগাছিয়াত বঁটা প্ৰদান অনুষ্ঠান 

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ:নৱবৰ্ষ উপলক্ষে আজি কলগাছিয়া টাউন একাডেমী প্ৰাংগনত প্ৰগতিশীল সাহিত্য প্ৰকাশৰ উদ্দোগত নতুন বছৰৰ প্ৰথম দিনা অপসংস্কৃতি উল্লাসৰ পৰিবৰ্তে গ্ৰন্থ উন্মোচন আৰু সাহিত্য সাধনা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮ বজাত ছাফাই কাম,৯ বজাত পতাকা উত্তোলন,১০ বজাত বৃক্ষৰোপন আৰু ১১ বজাৰ পৰা নৱজোতি কলেজৰ অধ্যাপক ডঃ শ্বাহজামাল শ্বেইখৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত গ্ৰন্থ উন্মোচক হিচাপে বঙাইগাওঁ জিলা স্কুল সমুহৰ পৰিদৰ্শক ছাদুল্লা খান উপস্থিত থাকি গৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাত তিনি খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে ৰূপসী উন্নয়ন খণ্ডৰ বি ডি অ মন্জুশ্ৰী ঘোষৰ ভাষণৰ পিছত তিনিজন বিশিষ্ট সাহিত্যিক ক্ৰমে এম আকবৰ হুছেইন,ডা:মানিক লাল ভৌমিক,আৰু মৌলানা আব্দুল হামিদক ২০১৮ বৰ্ষৰ সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয়। উক্ত সভাত কলগাছিয়া মহকুমা স্বাস্থ্য বিষয়া ডা:নজিৰুল ইছলাম,অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালক ইমান আলী আহমেদ,কয়াকুছি কলেজৰ অধ্যাপক হান্নান আলী আহমেদ,কলগাছিয়া শাখা সাহিত্য সভাৰ সভাপতি ডা: শ্বহিদুল ইছলাম,বিষয় শিক্ষক লাল মামুদ খান, নুৰুল আমিন,কলগাছিয়া শাখাৰ নতুন সাহিত্য পৰিষদৰ সভাপতি ছায়েদ আলী,সাংবাদিক শ্বহিদুল ইছলাম,কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সভাপতি আব্দুল হাই,সাংবাদিক শ্বহিদুল ইছলাম, জাহিদুল ইছলাম আৰু দোস্ত হাফিজুৰ ৰহমান উপস্থিত থাকি ইয়াৰে কেবাজন বক্তাই গুৰুত্বপূৰ্ণ ভাষণ ৰাখে। সভাত উদ্দেশ্য ব্যাখ্যা কৰে চান মামুদ আহমেদ আৰু সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে মোস্তাফিজুৰ ৰহমানে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close