অসমশীৰ্ষ

কাকপথাৰত ৰাষ্টীয় ঘাইপথ অৱৰোধ, যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ পৰিণতি বন্ধ

প্ৰথম খবৰ: যোৱা ১৪ জানুৱাৰীত মালা ক্ষুদ্ৰ নামৰ যুৱতীগৰাকীক অচিনাক্ত দুবৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ আলম লৈ আজি কাকপথাৰ ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰিছে আদিবাসী ৰাইজে৷ ৰনিত ভুমিজ নামৰ এজন যুৱকক সন্দেহবশত ৰাইজে সোধাপোছা কৰি থকাৰ সময়তে কাকপথাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ৰণিত ভুমিজক আটক কৰি লৈ অনাৰ পৰিপ্ৰেক্ষিতত এই অৱৰোধ কৰিছে বুলি জানিব পৰা গৈছে৷

ৰণিত ভুমিজক মুকলি কৰি ৰাইজৰ হাতত দি ৰাইজক নিজে বিচাৰ কৰিবলৈ দিয়াৰ দাবীত উত্তেজিত হৈ পৰিছে ৰাইজ৷ আৰক্ষীয়ে এক পক্ষীয়ভাৱে ঘটনাতো তদন্ত কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰা জনতাই হাতে হাতে বাঁহ, লাঠী লৈ পৰিস্থিতি উত্তপ্ত  কৰি তোলে৷

ভোগালী বিহুৰ আনন্দৰ মাজতে এনেদৰে অকস্মাতে ৰাষ্টীয় ঘাইপথ অবৰুধ কৰি সন্ত্ৰাস সৃষ্টি কৰা কাৰ্যক সহজভাবে ল’ব পৰা নাই ৰাইজে ৷ আৰক্ষী-প্ৰশাসন থকাৰ পিছতো এইদৰে নিজে আইন হাতত তুলি ল’ব বিচৰা কাৰ্য আৰু কোনো নিদিষ্ট দাবী নথকাৰ ঘটনাকলৈ এইদৰে ৰাইজক হাৰাশাস্তি কৰা কাৰ্যৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আহ্বান জনাইছে একাংশই ৷

Related Articles

Leave a Reply

Close