অসমতিনিচুকীয়াযুৱশীৰ্ষ

কাকপথাৰৰ ডিৰাক কপাহতলিত ড্ৰাগছসহ যুৱক আটক

নিউজ ডেস্ক,প্ৰথম খবৰ:তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অৰ্ন্তগত ডিৰাক কপাহতলিত আজি দিনৰ প্ৰায় ১২ মান বজাত ড্ৰাগছসহ এজন যুৱকক আটক কৰা হয় ৷যুৱকজন কাকপথাৰৰেই বৰমেচাই গাৱঁৰ পুলিন মৰাণৰ পুত্ৰ দেৱজিত মৰাণ(৩০) বুলি জানিব পৰা গৈছে ৷যুৱকজনে কাকপথাৰৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ কৰিছিল বুলি ৰাইজৰ আগত স্বীকাৰ কৰিছে ৷ডিব্ৰুগড়ৰ পৰা ড্ৰাগছ সমুহ আনি কাকপথাৰৰ একাংশ যুৱকৰ যোগেদি ড্ৰাগছ ব্যৱসায়ীত লিপ্ত থকা যুৱকজনৰ পৰা আজি প্ৰায় চল্লিশ পঞ্চাছ হেজাৰ মান টকাৰ মুল্যৰ ব্ৰাউন চুগাৰ আৰু ড্ৰাগছ জব্দ কৰা হয় ৷কপাহতলি গাৱঁৰ সচেতন যুৱক আৰু কাকপথাৰৰ কেইজনমান সাংবাদিকৰ প্ৰচেষ্টাত আটক কৰিবলৈ সক্ষম হোৱা যুৱকজনক গুৰুলাগুৰুলকৈ মাৰ ধৰ কৰি কাকপথাৰ আৰক্ষী থানাত চমজাই দিয়ে ৷

সমগ্ৰ তিনিচুকীয়া জিলাখনতে ড্ৰাগছ,কানি,মদৰ অবাধ প্ৰচলনে সামাজিক পৰিবেশ বিনষ্ট কৰি অহাৰ সময়তো আৰক্ষী প্ৰশাসনে যেনেধৰণে বিষয়তো ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিছিল সেইয়া দেখিবলৈ পোৱা নাই ৷সময় থাকোতেই প্ৰশাসন, দল সংগঠন সমূহক স্পৰ্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত এক ব্যৱস্থা লবলৈ আহ্বান জনাইছে সচেতন মহলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close