অসমশীৰ্ষ

কাজিৰঙাৰপৰা মানাহলৈ স্থানান্তৰ তিনিটা গঁড়

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:কাজিৰঙাৰ পৰা পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা তিনিটা গঁড়ৰ পোৱালি৷ কাজিৰঙাৰ পানবাৰীস্থ বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা পুনৰ সংস্থাপনৰ বাবে মানাহলৈ স্থানান্তৰিত কৰা এই  তিনিটা মাইকী গঁড়ৰ পোৱালি। ২০১৬ চনৰ জুলাই মাহত কাজিৰঙাত হোৱা বানত উদ্ধাৰ কৰা হৈছিল পোৱালি কেইটা৷ বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে,বানৰ সময়ত কাজিৰঙাৰ হালধিবাৰী,দেওপানী আৰু শিলডুবি অঞ্চলৰ পৰা মাতৃৰ পৰা বিছিন্ন হোৱা মাইকী পোৱালি কেইটা উদ্ধাৰ হৈছিল। দুমহীয়া পোৱালীকেইটাক উদ্ধাৰ হোৱাৰ পাছৰে পৰা  কাজিৰঙাৰ পানবাৰী বন্য প্ৰানী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত বিগত ১৫ মাহে লালন-পালন কৰি থকা হৈছিল৷  প্ৰায় ডেৰ বছৰীয়া গঁড় পোৱালি কেইটা তিনিখন ট্ৰাকৰে লৈ যোৱা হৈছে মানাহলৈ৷ কালিলৈ পুৱা মানাহত উপস্থিত হ’ব পোৱালি কেইটা৷ মানাহত প্ৰথম এবছৰ পৰ্যবেক্ষন কৰিব গঁড়ৰ পোৱালি কেইটাক৷ উল্লেখ্য বিগত বৰ্ষত মানাহলৈ তিনিটা গঁড় পোৱালি স্থানান্তৰ কৰা হৈছিল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close