অসম

কাইলৈৰপৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে কামাখ্যাত কামেশ্বৰ দেৱ আৰু কামেশ্বৰী দেৱীৰ বিবাহ উৎসৱ পালন

চাংসাৰীৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:গুৱাহাটীস্হিত কামাখ্যা দেৱালয়ত অহাকালি ৩ জানুৱাৰী বুধবাৰৰ পৰা অহা ৫ জানুৱাৰী শুক্ৰবাৰলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে এখনি বাৰ্ষিক বিয়া (পুহন বিয়া) উৎসৱৰ আয়োজন কৰা হৈছে। মা কামেশ্বৰী আৰু কামেশ্বৰ দেৱৰ এই বাৰ্ষিক বিয়া উৎসৱ কামাখ্যা দেৱীৰ মন্দিৰৰ প্ৰাঙ্গণত আড়ম্বৰপূৰ্ণভাৱে আয়োজিত কৰা হ’ব। কাইলৈ প্ৰথম দিনা তিনি জানুৱাৰীত বিবাহ উৎসৱৰ কাৰ্য্যসূচী সন্ধিয়া ছয় বজাত অধিবাস অনুস্থানৰে আৰম্ভণি ঘটিব। দ্বিতীয় দিনা চাৰি জানুৱাৰী বৃহস্পতিবাৰে ৰাতিপুৱা আঠবজাৰ পৰা বিয়া আৰু পাচ জানুৱাৰী শুক্ৰবাৰে সন্ধিয়া ছয় বজাত বাহী বিয়াৰে এই বাৰ্ষিক বিবাহ উৎসৱটিৰ সমাপ্তি ঘটিব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিছে।ইয়াৰোপৰি বিবাহ উৎসৱৰ উদ্যোক্তাসকলে উৎসৱটিৰ প্ৰতিটো কাৰ্য্যসূচীতে ভক্ত সকলৰ উপস্থিতি আৰু সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close