অসম

কৃষ্ণাইত ভোগালীৰ ব্যাপক প্ৰস্তুতিঃটিৰাঙৰ মেজিত প্ৰতিফলিত হ’ব হাতী মানুহৰ সংঘাত

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ,প্ৰথম খবৰ:অসমীয়া সমাজৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। জাতীয় উৎসৱ ভোগালী বিহুটিক আদৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ বৃহত্তৰ কৃষ্ণাই অঞ্চলৰ চুকে-কোণেও চলিছে ব্যাপক প্ৰস্তুতি। কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চল সমূহত ইয়াৰ প্ৰস্তুতি একেবাৰে তুংগত উঠিছে৷ বিশেষকৈ মেজি আৰু ভেলাঘৰ নিৰ্মাণক কেন্দ্ৰ কৰি ইখন গাৱঁৰ সৈতে সিখন গাৱঁৰ যেন অঘোষিত প্ৰতিযোগিতা চলিছে। সীমান্তবৰ্তী টিৰাঙত স্থানীয় যুৱক সংঘই এই বেলি ভোগালীৰ মেজিত প্ৰতিফলন ঘটাব হাতী মানুহৰ সংঘাত। উল্লেখ্য যে,বিগত সময়ছোৱাত সীমান্তৱত্তী গাৱঁলীয়া অঞ্চল সমূহত বনৰীয়া হাতীয়ে জনসাধাৰণক বাৰুকৈয়ে জ্বলা- কলা খুৱাইছে। হাতীৰ আক্ৰমণত কৃষ্ণাইৰ বিভিন্ন অঞ্চলত ঘৰ দুৱাৰ,খেতি বাতি বিনষ্ট হোৱাৰ লগতে ২০১৭ বৰ্ষতো ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ হাতী মানুহৰ সংঘাত যেন জনজীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে৷ টিৰাং যুৱ সংঘই এই সংঘাতৰে বাস্তৱ ৰূপ প্ৰতিফলিত কৰিব ভোগালীৰ মেজিৰ জৰিয়তে৷ ভোগালীৰ এই প্ৰস্তুতিৰ বাবে টিৰাং যুৱক সংঘৰ লগতে সমগ্ৰ গাওঁবাসী উঠি পৰি লাগিছে৷ ইয়াৰ বিপৰীতে জিৰা অঞ্চলত প্ৰস্তুত কৰি থকা হৈছে খেৰ,নৰা আৰু বাঁহেৰে পৃথিৱী আৰু পাৰ চৰাইৰ প্ৰতীক৷ যাৰ জৰিয়তে তেওঁলোকে শান্তিৰ বাৰ্তা প্ৰচাৰ কৰাত গুৰুত্ব আৰোপ কৰিছে। তেনেদৰে পশ্চিম দায়ৰঙৰ কঠালগুৰিত নিৰ্মাণ কৰি থকা হৈছে অট্টালিকা আৰ্হিৰ মেজি ৷ নগৰপাৰা,খাৰদাং,কাছুমাৰি,পাখিৰীগুৰি আদি অঞ্চলতো ব্যতিক্ৰমী মেজি আৰু ভেলাঘৰ নিৰ্মাণেৰে ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Close