আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

 কেনিয়াত মানৱ সৰবৰাহ চক্ৰৰ পৰা ৩ জনী ভাৰতীয় সহ ১০ জনী ছোৱালী উদ্ধাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:ভাৰত চৰকাৰে কেনিয়াৰ মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা দহজনী ছোৱালীক উদ্ধাৰ কৰে,ইয়াৰ মাজত সাতজনী ছোৱালী নেপালৰ।যোৱা শুক্ৰবাৰে এই কথা উল্লেখ কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে। তেখেতে কয় যে, এক দুষ্ট চক্ৰয় ছোৱালীবোৰক বিক্ৰী কৰিব কাৰণে বিদেশত লৈ গৈছিল। কিছুদিনৰ কাৰণে তেওঁলোকক কেনিয়াৰ মোম্বাচাত ৰখা হয়। বিদেশ মন্ত্ৰী সুষমা স্বৰাজে কেনিয়া পুলিচক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ মাজতে হায়দৰাবাদৰ এগৰাকী মহিলাই তেখেতৰ দুগৰাকী ভনীয়েকক চৌদি আৰবৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close