অসম

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত খাৰুৱা তেল বিচাৰি অ এন জি চি দলৰ খননকাৰ্য ৰূপহীহাটত:পাতালত বোমা বিস্ফোৰণ 

প্ৰথম খবৰ,ৰূপহীহাট: নগাঁও জিলাৰ উত্তৰাঞ্চলত বিগত কিছু দিনৰে পৰা পানীৰ টিউবেলেৰে ঘোলা পানী আৰু তেলযুক্ত পানী নিগৰি থকা কেন্দ্ৰ কৰি তীব্ৰ কৌতুহল চলি আহিছে। তেনে সময়তে আজি ৰূপহীহাটৰ পুথিখাইতি আৰু বৰঘাটত অ এন জি চিৰ বৃহত্ দল এটা আহি পুৱাৰেপৰা খননকাৰ্য আৰম্ভ কৰাত এক প্ৰকাৰ আতংকিত হৈ পৰে স্থানীয় ৰাইজ। পুথিখাইতিৰ পথাৰত খননকাৰ্য চলোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ওচৰ চুবুৰীয়া এলেকাৰ মানুহ আহি সমাবেত হোৱা দেখা যায়। উপস্থিত বিষয়াসকলে বিতংভাৱে একো জনাব নোৱাৰিলেও তেওঁলোক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এইদৰে খাৰুৱা তেলৰ সন্দেহত বিভিন্ন অঞ্চলত খনন কাৰ্য চলাই থকা বুলি জানিবলৈ দিয়ে। ইফালে একে দিনাই ৰাতিপুৱাৰে পৰা বৰঘাট-বৰঙাতলি গাৱতো খনন কাৰ্য চলায়। বৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপত তেলৰ সন্ধানত গোটেই দিনটো পাতাললৈকে প্ৰায় ৭০ ফুট লৈকে মাটি খান্দি বোমা বিস্ফোিৰণ ঘটায়। উক্ত স্থানত কুৰিটাৰো অধিক বোমা বিস্ফোৰণ কৰে অভিযানকাৰী দলটোৱে। উল্লেখ্য যে ভিতৰুৱা অঞ্চলটোত এই দৰে ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণৰ সময়তে দূৰ-দূৰণিলৈকে মাটি কঁপি যোৱাৰ ফলত সাধাৰণ মানুহ আতংকিত হৈ পৰিছে। বিভিন্ন অঞ্চলৰ পৰা আহি বোমা বিস্ফোৰণ আৰু খননকাৰ্য প্ৰত্যক্ষ কৰা লোকসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদ্ৰেক ঘটা পৰিলক্ষিত হয়। স্থানীয়ে ৰাইজে আশংকা ব্যক্ত কৰিছে যে পাতালত দুইৰ পৰা পাঁচ কিলোগ্ৰাম লৈকে ওজনৰ বোমাৰে বিস্ফোৰণ ঘটোৱাৰ লগে লগে মাটি কঁপি উঠে। মূলতঃ পাতালৰ পানীৰ তৰপ ভাঙিবলৈকে এইদৰে বিস্ফোৰণ ঘটোৱা হৈছে বুলি ব্যক্ত কৰি এই কাৰ্যৰ ফলত বৃহত্তৰ এলেকাজুৰি খোৱা পানী প্ৰদূষিত হব পাৰে। যাৰ ফলত দূষিত খোৱা পানী গ্ৰহণ কৰা কেইবাটাও অঞ্চলৰ মাজত দূৰাৰোগ্য বেমাৰ-আজাৰৰো আভিৰ্ভাৱ ঘটিব পাৰে। বোমা বিস্ফোৰণেৰে পানীৰ তৰপ ভঙাৰ লগে লগে পাতালৰ পানীৰ স্বাভাৱিক স্তৰত ব্যাঘাত জন্মি বিভিন্ন বিষাক্ত পদাৰ্থ মিহলি হৈ পাৰ্শ্বৱৰ্তী এলেকাৰ পানী প্ৰদূষিত কৰি বিপজ্জনক পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি ৰাইজে শংকা ব্যক্ত কৰিছে। সেয়ে পানী প্ৰদূষণৰ শংকা কৰি সাম্ভাৱ্য বিপদৰ পূৰ্বেই স্থানীয় ৰাইজে এই ক্ষেত্ৰত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ আহ্বান জনাইছে অ এন জি চি কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰক। উল্লেখ্য যে বৃহত্তৰ বৰঘাট-বৰঙাতলি গাঁৱতো স্বাধীনতাৰ পিছৰে পৰা এতিয়ালৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ পানী যোগান আচঁনিয়ে এতিয়াও ঢুকি নোপোৱাৰ অভিযোগ ৰাইজৰ। ইফালে পুতিখাইতি গাঁৱত জনস্বাস্থ্য কাৰীকৰি বিভাগৰ আচঁনি ৰূপায়ণ হৈ আছে যদিও নিয়মিতভাৱে পানী নোপোৱাৰ অভিযোগ আছে। আনহাতে উপস্থিত খাৰুৱা তেলৰ সন্ধানকাৰী দলটোৱে পানী প্ৰদূষণ আশংকা নাই বুলি জানিব দিলেও ৰাইজ আশ্বস্ত হব পৰা নাই। খননস্থলীত ৰূপহীহাট থানাৰ আৰক্ষী গৈ উপস্থিত হোৱাত অভিযানকাৰী দলটোৱে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে এই খননকাৰ্য চলোৱা বুলি জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close