অসম

খুমটাই আঞ্চলিক সাংবাদিক সন্থা গঠন

প্ৰথম খবৰ, খুমটাই: খুমটাই সংবাদসেৱীসকল একত্ৰিত হ’ব পৰাকৈ আজি নৱবৰ্ষৰ প্ৰথম দিনা খুমটাই আদৰ্শ প্ৰাথমিক বিদ্যালয় চৌহদত বিনয় ৰাজখোৱা সভাপতিত্বত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ সভাত খুমটাই আঞ্চলিক সাংবাদিক সন্থা নামেৰে এক সংবাদ সংস্থা গঠন কৰা হয়। সভাত বাবুল গগৈক সভাপতি, চন্দন বৰা আৰু চন্দন গগৈক উপ সভাপতি,  সাৰঙ্গ তামুলীক সম্পাদক, দীপজ্যোতি তামুলীক সহ সম্পাদক , বেদাংগ তামুলীক সাংগঠনিক সম্পাদক হিচাপে মুঠ ১১জনীয়া খুমটাই আঞ্চলিক সাংবাদিক সংস্থা গঠন কৰা হয়।

আজিৰ সভাতেই সংগঠনটিয়ে এটা চকু চিকিৎসা শিবিৰ, আদৰ্শ গাওঁ পৰিভ্ৰমণ কৰি অৱস্থাৰ বুজ লোৱা, দুৰ্গত লোকক সাহায্য প্ৰদান কৰা, মদ ভাং ড্ৰাগছ আদিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টি কৰা, খুমটাইত থকা দুস্প্ৰাপ্য কেতেকী ফুল সংৰক্ষণ ব্যৱস্থা গ্ৰহণকে আদি কৰি বহু কেইটা গুৰুত্বপূৰ্ণ সমাজ সেৱামূলক কাম কৰাৰ আঁচনি গ্ৰহণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close