অসম

খেৰণিত মীন পালন বিষয়াৰ গুণ্ডাগিৰী:বিষয়া ৰমণী ডেকাই বীৰত্ব দেখুৱালে চাইকেল আৰোহীক প্ৰহাৰ কৰি

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মাজমজিয়াত মীন পালন বিভাগৰ ৰমণী ডেকা নামৰ এজন বিষয়াই খেৰণিৰ পৰা লংকা অভিমুখে যাওঁতে খেৰণিস্থিত থং-নকবে দলঙৰ সমীপত চাইকেল আৰোহীক প্ৰহাৰ কৰি নিজৰ বীৰত্ব দেখুৱাৰ লগতে ঘটনাস্থলিত উপস্থিত অন্যান্য মটৰ চাইকেল-বাহনৰ চালক,যাত্ৰী আদিক দাবী-ধমকি দি গুণ্ডাগিৰী কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উল্লেখিত স্থানত। আনকি মীন পালন বিষয়া ৰমণী ডেকাৰ গুণ্ডাগিৰীত ভীতিগ্ৰস্ত হৈ একাংশ লোকে উল্লেখিত স্থান এৰি পলায়নো কৰে। কিন্তু লগে লগে খবৰৰ ভিত্তিত ঘটনাস্থলিত স্থানীয় সাংবাদিক উপস্থিত হৈ ঘটনা সন্দৰ্ভত সোধা-পোছা কৰাত নিজৰ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা বিষয়াগৰাকীয়ে নিজকে মীন পালন বিভাগৰ কৰ্মৰত কৰ্মচাৰী বুলি কেৱল নিজৰ পৰিচয় প্ৰদান কৰি একো নজনাৰ ভাওঁ জুৰি নিজৰ ভুল ঢাকিবলৈ চেষ্টা কৰে। আৰু ইয়াৰ পাছতেই সাংবাদিকৰ কেমেৰা দেখি বিষয়া ৰমণী ডেকাই খৰখেদাকৈ নিজে ব্যৱহাৰ কৰি অহা এ এছ ০৯ -বি-৩২৯৯ নম্বৰৰ চৰকাৰী বহনখনত উঠি ঘটনাস্থলিৰ পৰা পলায়ন কৰে। অৱশ্যে পলায়নৰ পাছত খেৰণি ফৰেষ্ট বজাৰত অৱস্থিত ৰানাইমা মীন পালন প্ৰতিষ্ঠানখনত কিছু সময় থাকি পুনৰ লংকা অভিমুখে যায় বিষয়গৰাকীয়ে আৰু বিষয়গৰাকীৰ নাম ৰমণী ডেকা বুলি উক্ত প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে খেৰণিৰ ঠিক মাজমজিয়াত থং-নকবে নামৰ যিখন পকী দলং অৱস্থিত হৈ আছে সেই দলংখন অতিকৈ ঠেক। ফলস্বৰূপে একে দিশৰ পৰা যোৱাই হওঁক বা বিপৰীত দিশৰ পৰা অহায়ে হওঁক চাৰি-চকীয়া বাহন একেসময়ত একেলগে পাৰাপাৰ হব নোৱাৰে এই দলংখনেৰে। যাৰ পৰিপ্ৰেক্ষিতত দলংখনত বাহন ইপাৰ-সিপাৰ কৰাক লৈ প্ৰায়ে এক অৱৰ্ণনীয় যান জঁটৰ সৃষ্টি হয় খেৰণিত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close