অসমউত্তৰ পূবশীৰ্ষ

গোলাঘাট জিলাৰ ১৯টা ইটাভাটা ,দুটা শিল কোৱাৰী বন্ধ নিদেৰ্শনা

প্ৰথম খবৰ,খুমটাই:গোলাঘাট জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুযায়ী নুমলীগড় তেল শোধনাগাৰৰ পৰা ১৫ কিলোমিটাৰ ব্যাসাদ্ধত কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰিব পৰা ইটাভাটা শিল ভঙা কেচাৰ মেচিনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি গোলাঘাট জিলাৰ পোন্ধৰটা ইটাভাটা আৰু দুটা শিল ভঙা কেচাৰ মেচিনৰ মালিক গোষ্ঠিলৈ বন্ধৰ নিৰ্দেশনা জাৰি কৰা বুলি জানিব পৰা গৈছে। জিলা খনিত অৱস্থিত দৈগ্ৰোংৰ সুনাম ব্ৰিকচ ফিল্ড,নুমলীগড় ব্ৰিকচ ইণ্ডাষ্টি নুমলীগড়,দীপক ব্ৰিকচ ফিল্ড নুমলীগড়,নয়ন ব্ৰিকচ ইণ্ডাষ্টি নুমলীগড়,মহান ব্ৰিকচ ফিল্ড খুমটাই,গ্ৰীণ ভেলী ইণ্ডাষ্টি শাওঁতলী,এইচ বি এফ ব্ৰিকচ ফিল্ড শাওঁতলী,বাদুলিপাৰৰ কে বি আই ব্ৰিকচ ফিল্ড ১কেবি আই ব্ৰিক ফিল্ড 2,এ বি বি১ এ বি বি ২ ব্ৰিকচ ফিল্ড আদিকে ধৰি উনৈশটা ইটাভাটাৰ লগতে সোণালী ষ্টোন ক্ৰেচাৰ আৰু ডি আৰ ক্ৰেচাৰ নামৰ নুমলীগড়ৰৰ দুটা শিল ভঙা মেচিন এই নিৰ্দেশনা জাৰি কৰা হৈছে। খুমটাই ৰাজহ চক্ৰ বিষয়া ডাঃ মনিকা বৰাই সকলো কেইটা ইটাভাটা আৰু শিল ভঙা কেচাৰ মেচিন মালিক সকলক লগ ধৰি নিৰ্দেশনা সমুহ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close