অসম

গোৰেশ্বৰত যুবকৰ মৃতদেহ উদ্ধাৰ:হত্যাৰ সন্দেহত সোধ-পোচৰ বাবে আতক পাঁচজন

প্ৰথম খবৰ,আন্ধেৰীঘাট:
উৰুকাৰ আনন্দৰ মাজতে প্ৰাণ গ’ল এজনৰ। বন্ধুৰ সতে একেলগে এসাঁজ খোৱাৰ উদ্দেশ্যে ওলাই আহিছিল গোৰেশ্বৰ নিবাসী ৰবীন্দ্ৰ দেবনাথৰ পুত্ৰ মনোজ দেবনাথ(২৫)। কিন্তু জীৱন্তে উভতি নাহিল মনোজ। ৰাতি ঘৰ নোপোৱাত বন্ধুবৰ্গৰ সতে যোগোযোগ কৰাত ৰাতি ১১.৩০ বজাতেই উভতি অহা বুলি জনায়। কিন্ত ৰাতিপুৱাও মনোজ ঘৰ নোপোৱাত পৰিয়ালে বিচাৰ কৰে। গোৰেশ্বৰ ৰে’ল ষ্টেচনৰ ওচৰতে থকা মেটেকা পুখুৰী এটাত পুলিচৰ লগতে ৰাইজে চাইকেলৰ চকা প্ৰত্যক্ষ কৰে।মেটেকাৰ তলত চাইকেল তাৰ তলত মৃতদেহটো উদ্ধাৰ হয়। লগে লগে ৰাইজৰ মাজত হুৱা দুৱা লাগে। পিছত পুলিচে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আনে। ঘটনা সন্দৰ্ভত পুলিচে পাঁচজন মনোজৰ বন্ধুক সোধপোচৰ বাবে থানালৈ আনে।পৰিয়ালে দাবী কৰা মতে বন্ধু কেইজনে মনোজক পৰিকল্পিতভাৱে হত্যা কৰি পুখুৰীটোত পেলাই থৈ গৈছে। আৰক্ষীয়ে জনোৱা মতে তদন্তৰ অন্তত হে এয়া হত্যা নে দুৰ্ঘটনা ই পোহৰলৈ আহিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close