অসম

গোৰেশ্বৰ গ্ৰন্থ উৎসৱৰ আয়োজন:সদৌ অসম ভিত্তিত আয়োজিত হ’ব ডঃ ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতা

প্ৰথম খবৰ,আন্ধেৰীঘাট: বাগসা জিলাৰ গোৰেশ্বৰৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান “কস্তুৰী”ৰ উদ্যোগত গোৰেশ্বৰ গ্ৰন্থ উৎসৱ আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। অহা ২২, ২৩ আৰু ২৪ জানুৱাৰী/২০১৮ ত গোৰেশ্বৰত আয়োজিত হ’ব লগা গ্ৰন্থ উৎসৱৰ বাবে ইতিমধ্যে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক সভাপতি,লক্ষী ৰাজবংশীক কাৰ্যকৰী সভাপতি,হৰেন্দ্ৰ নাথ শৰ্মাক উপ সভাপতি, দীপাংকৰ দাসক সম্পাদক আৰু মলয় কুমাৰ ডেকাক সহকাৰী সম্পাদক হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হৈছে। গোৰেশ্বৰ গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি পৰিচালনা সমিতিয়ে ইতিমধ্যে গ্ৰন্থ আৰু পাঠকক ওচৰ চপাই অনাৰ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে। পৰিচালনা সমিতিৰ সম্পাদক দীপাংকৰ দাসে জনোৱা মতে-মূল কাৰ্য্যসূচী হিচাপে ২২ জানুৱাৰীত দিনৰ ১ বজাত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ’ব। স্থানীয় লেখক – লেখিকাৰ কমেও দহ খন গ্ৰন্থ এই অনুষ্ঠানতে উন্মোচন কৰা হ’ব। ২ বজাত জাতীয় সাজপাৰ পৰিধান প্ৰতিযোগিতা আৰু ৫. ৩০ বজাত আধুনিক নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হ’ব। ২৩ জানুৱাৰীত পুৱা ৯ বজাত ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু দিনৰ ১১ বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ’ব কস্তুৰী মেল। ২৪ জানুৱাৰীত পুৱা ১০ বজাত শিক্ষানুষ্ঠানৰ সমূহৰ মাজত আয়োজিত হ’ব শোভাযাত্ৰা প্ৰতিযোগিতাৰ। শোভাযাত্ৰাৰ বিষয়-“নিৰক্ষৰতা আৰু অন্ধবিশ্বাস সমাজৰ প্ৰগতিৰ অন্তৰায়।” দিনৰ ভাগত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান। বিশেষ সাংস্কৃতিক সন্ধিয়াৰে গ্ৰন্থ উৎসৱৰ সামৰণি পৰিব। গ্ৰন্থ উৎৱৰ সমূহ কাৰ্য্যসূচীতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহায় সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে উদ্যোক্তাসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close