অসমগোৱালপাৰাযুৱ

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ দূৰৱস্থা,পাঁচশ টকীয়া কেবিনত নাথাকে কোনো পৰ্য্যাপ্ত সুবিধা

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ:গোৱালপাৰা জিলাৰ আগশাৰীৰ চিকিৎসালয় জিলা খনৰ ভিতৰতে দুখীয়া নিছলা মানুহৰ জীৱনৰ ভৰসাস্থলী সামান্যতমেই হওঁক বা দুৰাৰোগ্যই হওঁক জিলাখনৰ খাটি খোৱা লোকৰ বাবে নিৰ্ভৰ যোগ্য চিকিৎসা প্ৰতিষ্ঠান ২০০ খন বিচনা যুক্ত অসামৰিক চিকিৎসালয়ৰ কদৰ্য ৰূপে হতাশাত ভুগিব লগীয়া হৈছে জিলা বাসী।চিকিৎসালয় খন যেন আজি কিছুদিনৰ পৰা টকা ঘটাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিণত হৈছে৷এজন ৰোগীয়ে চিকিৎসা সেৱাৰ নামত আহিলেই প্ৰথমে পঞ্জীয়নৰ দহ টকা ভৰিব লাগে তাৰ পিছতে হস্পিতালত প্ৰৱেশ কৰিয়েই উপযুক্ত ডাক্তৰৰ অভাৱ।সামান্যতম বেমাৰ হলেই ডাক্তৰ সকলে ৰোগী জনক ভালকৈ চিকিৎসা নকৰোঁতে গুৱাহাটী বা ব্যৱসায়িক ভিত্তিত গঢ়ি উঠা নাৰ্ছিংহোমলৈ প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।আনহাতে চিকিৎসালয় খনৰ ভিতৰত প্ৰবেশ কৰিলেই দুৰ্গন্ধই আগভেটি ধৰে হস্পিতাল খনৰ নব্বৈ শতাংশ বিভাগে দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি একাংশ ৰোগীয়ে দাবী কৰিছে।আনহাতে ৰোগী সকলে আছুতীয়া কৈ থকাৰ বাবে যি কেবিনৰ ব্যৱস্থা আছে তাতো আকাশ পাতাল মূল্য পৰিশোধ কৰিব লাগে৷প্রাপ্ত বাতৰি মতে এটা কেবিনৰ এদিনৰ ভাড়া পাঁচশ টকাকৈ ভৰিব লাগে।পাঁচশ টকীয়া কেবিনৰ ভিতৰত প্ৰৱেশ কৰিলেই অনুভৱ কৰিব পাৰি সেই পাঁচশ টকা লৈ হস্পিতাল কৰ্তৃপক্ষই কি কামত ব্যৱহাৰ কৰি আছে।উক্ত পাঁচশ টকা যদি দূৰ্নীতিৰ ঘৰত ব্যৱহাৰ নহয় তেতিয়াহলে কিহৰ ভিত্তিত এজন ৰোগীৰ নামত ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয় চেলাইনটো বিচনা খনৰ মুহুৰি ষ্টেণ্ডত বিপদ জনক ভাবে ষ্টেণ্ডৰ অভাৱ চেলাইৰ পাইপেৰে বান্ধি থয় সেয়া এতিয়া সচেতন মহলৰ মনত কোটি টকীয়া প্ৰশ্ন উত্থাপন হৈছে।আনহাতে ডাক্তৰ সকলে সদায় ৰোগী সকলোকে নহয় সাধাৰণ মানুহক পৰামৰ্শ প্ৰদান কৰি আহিছে যে সদায় গৰম পানী খাব লাগে অথচ গোৱালপাৰা জিলা অসামৰিক চিকিৎসালয় খনত নিতৌ হাজাৰ হাজাৰ ৰোগী প্ৰৱেশ কৰি আছে যদিও পৰ্যাপ্ত খোৱা পানীৰ অভাৱত কক বকাই থকা দেখা গৈছে।আনহাতে হস্পিতাল খনৰ কোনো এটা কোণত গৰম পানীৰ ব্যৱস্থা নোহোৱাত ৰোগী সকলে গৰম পানীৰ নামত হাহাকাৰ কৰিব লগীয়া হৈছে।মুঠতে গোৱালপাৰা চিভিল হস্পিতাল খনৰ এনেধৰণৰ অভাৱ অভিযোগৰ লগতে দুৰ্নীতিৰ বাতৰি আমি আমাৰ কাকতৰ জৰিয়তে ক্ৰমান্বয়ে প্ৰকাশ কৰি যাম।মুঠতে হস্পিতাল খনত ভূতৰ ওপৰত দানৱ পৰাদি প্ৰতিটো বিভাগৰে নামত চলি থকা এই দুৰ্নীতি সমূহৰ ওপৰত নজৰ দিবলৈ এই বাতৰিৰ জৰিয়তে জিলা উপায়ুক্তক জিলা খনৰ সচেতন মহলৰ লগতে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উদ্ধৱ চন্দ্ৰ নাথে দাবী কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close