অসম

গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অাব্দুল বাকিৰৰ মৃত্যু

শিমলুগুৰিৰপৰা নেকিবুল হক;প্ৰথম খবৰ:ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন অধ্যাপক গড়গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা অাব্দুল বাকী দেৱৰ পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে। ১৯৩৮ চনৰ গোলাঘাটৰ শান্তিপাৰাত জন্মগ্ৰহণ কৰা অাব্দুল বাকীদেৱে শিক্ষাজীৱন সাং কৰি অসম চৰকাৰৰ শ্বিলং স্থিত কাৰ্য্যালয়ত কৰ্ম জীৱনৰ পাতনি মেলি পাছত খাদী বৰ্ডত কিছুদিন কৰ্মজীৱন কটাই নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখি বিদ্যালয়ত কিছুদিন শিক্ষাদান কৰি ১৯৬৯ৰ পৰা ১৯৯৯ লৈকে গড়গাঁও মহাবিদ্যালয়ত অধ্যাপক কৰি অৱসৰ গ্ৰহণ কৰে। সাহিত্য অাৰু ক্ৰীড়াৰ সৈতে জড়িত সদা অমায়িক বাকীদেৱে জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত অাছিল। অাজি অাৱেলি চুণপোৰা জানাজা ফিল্ডত ধৰ্মালুব্যক্তিজনৰ জানাজাত সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন হয়। বিভিন্ন অনুষ্ঠানৰ ব্যক্তিয়ে শোক প্ৰকাশ কৰা স্বৰ্গগামী অাব্দুল বাকীদেৱে দুজন পুত্ৰ এগৰাকী জীৰ লগতে বহু অাত্মীয় কুটুম্ব এৰি থৈ যায।

Related Articles

Leave a Reply

Close