অসমগুৱাহাটী

চাংসাৰিত ৰাজহুৱা সভা আৰু বিষ্ণুযজ্ঞৰ আয়োজন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কামৰুপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰিত অহা ৩০ জানুৱাৰী মঙ্গলবাৰৰ পৰা ২ ফেব্ৰুৱাৰী শুক্ৰবাৰলৈ চাংসাৰি বিষ্ণু মঞ্চৰ প্ৰাঙ্গণত চাৰিদিনীয়া কাৰ্যসুচীৰে চাংসাৰি ৰাজহুৱা সভা আৰু বিষ্ণুযজ্ঞৰ আয়োজন কৰা হৈছে।প্ৰাপ্ত খবৰ অনুযায়ী সভাৰ প্ৰথম দিনা ৩০ জানুৱাৰীৰ আবেলি পৰত সভাস্হলীত বন্তি প্ৰজ্বলনৰ পিছত ভাগৱত শোভাযাত্ৰা কৰি গধুলিলৈ সভাস্হলীত স্হাপন কৰিব ।গাঁওখনত থকা প্ৰত্যেক কেইটা নামঘৰৰে গোসাইৰ থাপনাও ভাগৱতৰ লগতে শোভা যাত্ৰা কৰি গাঁওবাসীয়ে সভামণ্ডপতে স্হাপিত কৰিব।সেইদিনা নিশা ৯ বজাৰ পিছত যাত্ৰা পাৰ্টিৰো আয়োজন কৰা হৈছে।দ্বিতীয় দিনা ৩১ জানুৱাৰীৰ কাৰ্যসূচীত দিনৰ ভাগত নাম প্ৰসঙ্গ,বিষ্ণু যজ্ঞ,ওজাপালি আৰু সন্ধিয়ালৈ নাগাৰা নাম অনুষ্ঠিত কৰা হ’ব। তৃতীয় দিনা ১ ফেব্ৰুৱাৰীত দিনত আই বাপু সকলৰ নামৰ লগতে কিছু সাধাৰণ কাৰ্যসূচীৰ পিছত গধুলিলৈ চাংসাৰি ভাওনা সমাজৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ’ব।চতুৰ্থ অৰ্থাৎ অন্তিম দিনা ২ ফেব্ৰুৱাৰীত দিনৰ ভাগত সভামণ্ডপত স্হাপন কৰি ৰখা ভাগৱত আৰু গোসাইৰ থাপনা সমূহ পুণৰ শোভাযাত্ৰাৰ জৰিয়তে বৃহত্তৰ অঞ্চলটো প্ৰদক্ষিণ কৰি নিজ নিজ নামঘৰত পুনৰ প্ৰতিষ্ঠা কৰণৰে সন্ধিয়া পৰলৈকে সভাৰ কাৰ্যসুচি সমাপন কৰা হ’ব বুলি গাঁওবাসীৰ হৈ চাংসাৰিৰ উদ্যমী যুৱক ও শৰাইঘাট কেব’লৰ স্বত্বাধিকাৰী দিগন্ত নাথে জানিবলৈ দিছে।চাংসাৰি ৰাজহুৱা সভাত ওচৰ পাজৰৰ লগতে বিভিন্ন অঞ্চলৰ দৰ্শনাৰ্থী সভা স্হলীত সমাগত হ’ব বুলিও গাওঁবাসীয়ে জানিবলৈ দিছে।ইয়াৰ উপৰিও সভাখনিৰ কাৰ্যসূচী সমূহ সফল কৰি তোলাৰ হেতু অঞ্চলবাসী ৰাইজে দৰ্শনাৰ্থীৰ উপস্থিতিৰ লগতে সকলোৰে সহায় সহযোগিতা আশা কৰিছে।

Related Articles

Leave a Reply

Close