অসমউত্তৰ পূবযুৱৰাষ্ট্ৰীয়

চামগুৰিত গণতন্ত্ৰ দিৱসৰ ব্যাপক প্ৰস্তুতি,কাৰ্যপালিকা আৰু সংবাদ-মাধ্যমৰ মাজত প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন

প্ৰথম খবৰ,পুৰণিগুদাম:নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ ব্যৱস্থাপনাত তথা চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয় আৰু সংযুক্ত সাংবাদিক সন্থা, চামগুৰি (উকাচ)ৰ সহযোগত ৬৯ সংখ্যক গণতন্ত্ৰ দিৱসটি উদযাপনৰ ব্যাপক প্ৰস্তুতি কৰিছে৷

জানিব পৰা মতে, অহা ২৬ জানুৱাৰীত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৃথকে-পৃথকে পুৱা পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছতে লঘু অহাৰ বিতৰণ কৰিব৷পৰৱৰ্তী সময়ত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰিব পৰা “স্মৃতিৰ সঁফুৰা খুলি” শীৰ্ষক এক মুকলি অনুষ্ঠান অনুষ্ঠিত কৰিব৷ উক্ত অন্তৰঙ্গ অনুষ্ঠানত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ বাৰটা পঞ্চায়তৰ ক্ৰমে জ্যেষ্ঠ নাগৰিক,শিল্পী,সাহিত্যিক, ক্ৰীড়াবিদকে প্ৰমুখ্যে কৰি সকলো ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি বিশেষে অংশগ্ৰহণ কৰিব বুলি খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাই জানিবলৈ দিয়ে৷ দুপৰীয়া ১১-৩০ বজাত বাজিয়াগাঁওস্থিত নুৰুল হুছেইন ফুটবল একাডেমী খেলপথাৰত গণতন্ত্ৰৰ দুই স্তম্ভ কাৰ্যপালিকা আৰু সংবাদ-মাধ্যমৰ মাজত প্ৰীতি “টুৱেন্টি-২০” ক্ৰিকেট খেলৰ আয়োজন কৰিছে৷ উক্ত খেলত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰী, চামগুৰি ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰী আৰু সংযুক্ত সাংবাদিক সন্থা,চামগুৰি ( উকাচ )ৰ সদস্যসকলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ ইফালে, এই প্ৰীতি “টুৱেন্টি-২০” ক্ৰিকেট খেলখন জিলা উপায়ুক্ত চমছেৰ সিঙে শুভ উদ্বোধন কৰিব বুলি চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সঞ্জীৱ দলৈয়ে জানিবলৈ দিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close