শেহতীয়া
Home / অসম / চামগুৰিত পথ দুৰ্ঘটনা:থিতাতে নিহত এজন

চামগুৰিত পথ দুৰ্ঘটনা:থিতাতে নিহত এজন

প্ৰথম খবৰ,পুৰণিগুদাম:নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ প্ৰায় এক বজাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী চাইকেল আৰোহী থিতাতে নিহত হয়৷ ধেমাজী জিলাৰ লেখাপানীৰ পৰা গুৱাহাটী অভিমুখী এ- এচ-০১-এফ-চি- ৪৫২১ নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাইকেল আৰোহীজন চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখ খৰঙীচুক গাঁৱৰ দিলিপ মহন্ত (৫৫) বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে চামগুৰি থানাৰ আৰক্ষীয়ে চালকসহ ট্ৰাকখন জব্দ কৰাৰ লগতে দুৰ্ঘটনাত পতিত লোকজনক ততাতৈয়াকৈ চামগুৰি প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে লোকজন ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ পৰৱৰ্ত্তী সময়ত পৰিয়ালৰ লোকে মৃতদেহ চিনাক্ত কৰাৰ পাছতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ কৃষিকৰ্মৰে জীৱিকা নিৰ্বাহ কৰা দিলিপ মহন্তই মৃত্যুৰ সময়ত এজন পুত্ৰ সন্তান আৰু পত্নীক ইহসংসাৰত এৰি থৈ যায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*