অসম

চেঙাত বীৰ চিলাৰায় দিৱস পালন

চেঙাৰপৰা মইদুল ইছলাম, প্ৰথম খবৰ: বিভিন্ন ঠাইৰ লগতে বৰপেটা জিলাৰ চেঙাতো আজি বীৰ চিলাৰায় দিৱস পালন কৰা হয় ৷ ৫০৮ সংখ্যক চিলাৰায় জয়ন্তী উপলক্ষে পুৱা চাফাই কামৰ পাছতে চেঙা মাজপাৰা নামঘৰ প্ৰাংগণত পতাকা উত্তোলন কৰে সমাজ কৰ্মী লংকেশ্বৰ ৰয়ে ৷ দিনৰ ভাগত বাপু আৰু আইসকলে নাম প্ৰসংগ কৰে ৷ সন্ধিয়া ৰাজহুৱা বন্তি প্ৰজ্বলন কৰে ৰমনী পাঠকে ৷ বিশ্ব বীৰ চিলাৰায় দিৱসৰ সদৌটি কাৰ্যসূচী পৰিচালনা কৰে চেঙা ঐক্য সন্মিলনৰ প্ৰাক্তন সভাপতি তথা উদযাপন সমিতিৰ সভাপতি অঞ্জন কুমাৰ ৰয়ে ৷

Related Articles

Leave a Reply

Close