অসম

ছাৰ-ছেনত গাওঁত ব্যাপক উছাহেৰে হীৰক জয়ন্তী উদযাপন

প্ৰথম খবৰ,খেৰণি:ছাৰ-ছেনত গাওঁত ব্যাপক উছাহেৰে হীৰক জয়ন্তী বৰ্ষ উদযাপন। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম চহৰৰ নিকটৱৰ্তী এখন সকলোৰে পৰিচিত গাওঁ হ’ল ছাৰ-ছেনত। ইং ১৯৪২ চনতে স্থাপন হোৱা প্ৰায় অৰ্ধশতাধিক পৰিয়ালে বসবাস কৰি থকা গাওঁখনে ইতিমধ্যে এবছৰ দুবছৰকৈ অতিক্ৰম কৰিলে ৭৫ বৰ্ষ। যাৰ পৰিপ্ৰেক্ষিতত এইদৰে হীৰক জয়ন্তী বৰ্ষক গৰকা ছাৰ-ছেনত গাওঁখনৰ গাওঁবাসীয়ে ব্যাপক উছাহেৰে উখল-মাখল পৰিৱেশেৰে দুদিনীয়া কাৰ্যসূচীৰে ছাৰ-ছেনত গাওঁ স্থাপনৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিলে। হীৰক জয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ অংশ হিচাপে হীৰক জয়ন্তী উদযাপনৰ পতাকা উত্তোলন কৰাৰ লগতে গাওঁখনক স্থাপন কৰা প্ৰয়াত প্ৰতিস্থাপক চেং ৰংহাং,ছিং ৰংহাং,নৰটেং পাটৰকে আদি কৰি ভালে সংখ্যক প্ৰয়াত ব্যক্তিৰ সোঁৱৰণিত এটি স্মৃতিস্তম্ভ স্থাপন কৰে উল্লেখিত উদযাপন সমিতিয়ে। ইয়াৰ পাছতেই বিভিন্ন কাৰ্বি সাংস্কৃতিক নৃত্য-গীত প্ৰতিযোগিতা,খেল প্ৰতিযোগিতা আদিৰ অন্তত উদ্যোগতাই দ্বিতীয় দিনৰ কার্যসূচীত এখন মুকলি সভাৰ আয়োজন কৰে। আয়োজিত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হোৱাৰ বিপৰীতে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’,পৰিষদীয় সদস্য ক্ৰমে দৰছিং ৰংহাং, ৰামছিং তিমুং,পৰিষদীয় কৃষি বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰণ,অন্যান্য বিশিষ্ট অতিথি, চৰকাৰী-বেচৰকাৰী গাওঁবুঢ়াকে আদি কৰি গাওঁখনৰ প্ৰতিটো পৰিয়াল সদস্যই উপস্থিত থাকে এই অনুষ্ঠানত। উল্লেখ্য যে সভাৰ মজিয়াতে উক্ত গাওঁখনত থকা সমস্যা সমূহৰ সমাধানৰ বাবে কেবাদফীয়া দাবীৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাক গাওঁখনৰ গাওঁবাসীয়ে। মুকলি সভাত মুখ্য অতিথি ৰংহাঙে উপস্থিত ৰাইজক উদ্দেশ্যি মন্তব্য কৰে যে যিদৰে কেবাটাও পৰিয়ালৰ মৰম-স্নেহ,মিলা-প্ৰীতি, ঐক্যবদ্ধতাই বৃহত্তৰ সমাজ এখনত এখন গাওঁৰ জন্ম দিব পাৰে ঠিক একেদৰে কাৰ্বি আংলঙত থকা প্ৰতিটো জাতি,ধৰ্ম আৰু বৰ্ণৰ লোকসকলৰ মৰম-স্নেহ,মিলা-প্ৰীতি,সংকল্পবদ্ধ আৰু ঐক্যবদ্ধতাৰ জৰিয়তে কাৰ্বি আংলঙত পাহাৰবাসীয়ে দীৰ্ঘদিন ধৰি দাবী কৰি অহা স্বায়ত্ব শাসিত ৰাজ্য লাভৰ যি দাবী বা আশা সেয়া পূৰণ কৰিব পাৰিব। গতিকে ৰাইজ ঐক্যতাৰে আমি আমাক একেডাল দুলেৰে বান্ধি নিজকে শক্তিশালী কৰি স্বায়ত্ব শাসিত ৰাজ্য লাভৰ অপ্ৰাণ চেষ্টা চলায় যাব লাগিব বুলি ৰাইজক আহ্বান জনোৱাৰ লগতে ৰংহাঙে উল্লেখ্য কৰে যে যদি আমাৰ মাজতে ঐক্যতা নাথাকে বা বিভাজন কৰো তেতিয়া আমি আমাৰ স্বাৰ্থ অথবা উদ্দেশ্য সিদ্ধি কেতিয়াও আমি কৰিব নোৱাৰিম।

Related Articles

Leave a Reply

Close