শেহতীয়া
Home / অসম / জন্ম নিয়ন্ত্ৰনৰ আধুনিক ব্যৱস্থা মুকলি তিনিচুকীয়াত অন্তৰা আঁচনিৰ উদ্বোধন

জন্ম নিয়ন্ত্ৰনৰ আধুনিক ব্যৱস্থা মুকলি তিনিচুকীয়াত অন্তৰা আঁচনিৰ উদ্বোধন

প্ৰথম খবৰ, পেঙেৰী:আধুনিক গৰ্ভনিৰোধক ব্যৱস্থাৰ প্ৰয়োজনীয়তা আৰু জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জন স্বাস্থ্য আঁচনিত এক নতুন গৰ্ভ নিৰোধক পদ্ধতিৰ সংযোজন কৰিছে৷ অন্তৰা আঁচনিৰ অধীনত প্ৰদান কৰা এই গৰ্ভ নিৰোধক সুবিধা ইঞ্জেকশ্বন ব্যৱস্থাত উপলব্ধ হ’ব৷ সম্প্ৰতি এই ব্যৱস্থা অতিকে সুৰক্ষিত বুলি বিবেচিত হৈছে৷ এই পদ্ধতিৰ জৰিয়তে এগৰাকী মহিলাক এবাৰ প্ৰদান কৰা গৰ্ভনিৰোধক ইঞ্জেকশ্বনে তিনিমাহ পয্যন্ত গৰ্ভ ধাৰণৰ পৰা বিৰত ৰাখে৷ কেন্দ্ৰীয় চৰকাৰে যোৱাটো পষেষক শুভাৰম্ভ কৰা এই আচনি দেশৰ দহখন ৰাজ্যৰ ১৪৬ খন জিলাত ৰূপায়ন কৰা হৈছে৷ দ্ৰুত হাৰত জন সংখ্যা বৃদ্ধি ঘটিব ধৰা দেশৰ এই ১০ খন ৰাজ্যৰ ভিতৰত অসমেও স্থান লাভ কৰিছে৷ ৰাজ্যৰ বিভিন্ন কেন্দ্ৰৰ লগতে উজনি অসমৰ তিনিচুকীয়াতো আজি এই সেৱা মুকলি কৰা হয়৷ এই উপলক্ষে তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয়ত জিলা স্বাস্থ্য চচাইটিয়ে আয়োজন কৰা আধুনিক জন্মনিয়ন্ত্ৰন ইঞ্জেকশ্বন আচনিখনৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশানে৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত আঁচনিখনৰ শুভ উদ্ধোধন কৰি বিধায়ক সঞ্জয় কিশানে এই আচনিখনৰ জৰিয়তে জিলাখনৰ জনসাধাৰণ বহুপৰিমাণে উপকৃত হব বুলি মন্ত্যব্য কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়িত কৰা প্ৰতিখন আঁচনিৰ সুবিধা তিনিচুকীয়া বাসীক প্ৰদান কৰিবৰ বাবে তেও সদায়ে প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*