শেহতীয়া
Home / অসম / জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বিশাল শোভাযাত্ৰা

জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বিশাল শোভাযাত্ৰা

প্ৰথম খবৰ, বাৰপূজীয়া: অসম জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে নবোদয় জাতীয় বিদ্যালয়, জলুগুটিৰ ছাত্ৰ-ছাত্ৰীসকলে আজি বিশাল শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি, সূত্ৰধাৰ নৃত্য, কৃষ্ণ নৃত্য, বিহু নৃত্য, তিৱা নৃত্য, ঝুমুৰ নৃত্য, আই নাম, দিহা নাম, বিয়া নাম আদিৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী প্ৰদৰ্শন কৰে।

উল্লেখ্য যে, জালুগুটি অঞ্চলৰ এগৰাকী উদীয়মান যুৱকৰ সক্ৰিয় প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয়খনে ইতিমধ্যে শৈক্ষিক দিশত যথেষ্ট সাফল্য দেখুৱা পৰিলক্ষিত হৈছে। যাক লৈ বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে স্থানীয় ৰাইজে বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে। আনহাতে আন এক সু-খবৰে বিদ্যালয়খনে শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে স্থানীয় ৰাইজলৈ গৌৰৱ কঢি়ৱাই আনিবলৈ সক্ষম হৈছে।

আজিৰ দিনটোতে এই বিদ্যালয়খনে অসম জাতীয় বিদ্যালয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে বিদ্যালয়খনত এক আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। আনহাতে বিদ্যালয়খনত বৰ্তমান একাদশ আৰু দ্বাদশ শ্ৰেণী অৰ্ন্তভূক্ত কৰা হৈছে বুলিও জানিবলৈ দিয়ে বিদ্যালয়খনৰ অধ্যক্ষ অপূৰ্বজ্যোতি দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*