অসমনলবাৰী

জিলা সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহকৰ নাম ঘোষণা

নলবাৰীৰপৰা প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ: নলবাৰী জিলা সাহিত্য ২০১৮-২০২০ বৰ্ষৰ কাৰ্যকালৰ বাবে বিষয়ববীয়া নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হৈছে।আজি নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত নতুন বিষয়ববীয়া সকলৰ নাম ঘোষণা কৰা হয়৷নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাপতি গৰাকীয়ে বিভিন্ন শাখা সাহিত্য সমুহে নিৰ্বাচন কৰি পঠোৱা বিষয় ববীয়া সকলৰ নামবোৰ ঘোষণা কৰে।নতুন কাৰ্যকালৰ বাবে ডাঃ বিপিন চন্দ্ৰ কলিতাক সভাপতি,নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাক উপ-সভাপতি আৰু সম্পাদকৰ পদত সভাৰ পূৰ্বৰ সম্পাদক অতুল শৰ্মাক নিৰ্বাচিত কৰা হৈছে৷মুঠ ৪৩ খন প্ৰস্তাব প্ৰ পত্ৰৰ পৰা উক্ত বিষয়ববীয়া সকলক নিৰ্বাচন কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close