শেহতীয়া
Home / অসম / টিংখাঙৰ ন-চাউদাঙত ৩ মহলীয়া ভেলাঘৰ:নাই মেজি জ্বলোৱা পৰম্পৰা

টিংখাঙৰ ন-চাউদাঙত ৩ মহলীয়া ভেলাঘৰ:নাই মেজি জ্বলোৱা পৰম্পৰা

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো এটা দিন বাকী। এতিয়া সমগ্ৰ ৰাজ্যৰ পথাৰে পথাৰে ভেলাঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। টিংখাংবাসীও সাঁজু হেপাহৰ ভোগালীক আদৰিবলৈ। টিংখাঙৰ ন-চাউদাং গাঁৱত এতিয়া  ভোগালীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ নৰাৰে আটকধুনীয়াকৈ সাজি উলিয়াইছে এটা তিনিমহলীয়া ভেলাঘৰ।ভেলাঘৰৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে এক উৎসৱ মুখৰ পৰিৱেশ। গাঁৱখনৰ কিশোৰ-যুৱক সকলে ১৫ দিনিয়া যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ কৰি উলিওৱা ভেলাঘৰত ডেকা-গাভৰু,বৃদ্ধ-বৃদ্ধা সকলোৱে বিহু নাছি প্ৰকাশ কৰিছে  মনৰ আনন্দ। আনহাতে একাংশ মহিলা ব্যস্ত হৈ পৰিছে অস্থায়ী আখলঘৰত পিঠা-পনা বনোৱাত।

উল্লেখযোগ্য যে ন-চাউদাং গাঁৱত পূৰ্বৰে পৰা চলি আহিছে ভোগালীৰ এক ব্যতিক্ৰমী পৰম্পৰা। মূলত আহোম সম্প্ৰদায়ৰ লোকে বসবাস কৰা গাঁওখনত মানুহৰ মৃত্যুৰ পাচত দাহ কৰাৰ বিপৰীতে আহোম স্বৰ্গদেও সকলৰ প্ৰথা অনুসৰি মৃতকক সমাধিস্থহে কৰা হয়। যাৰ বাবে গাঁওখনত নাই ভোগালীত মেজি জ্বলোৱাৰ পৰম্পৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *

*