অসম

টিহুৰ গ্ৰন্থ প্ৰকাশক বাতৰি কাকত বিতৰক গয়াধৰ কলিতাৰ মৃত্যু:শোকস্তব্ধ টিহু

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: টিহুৰ অন্যতম গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা তথা হৰিচৰণ বুক ষ্টলৰ স্বত্বাধিকাৰী গয়াধৰ কলিতাৰ আজি আবেলি দীৰ্ঘদিনীয়া অসুস্থতাৰে টিহুৰ বিদ্যানগৰত থকা বাসভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। তেওঁৰ টিহুৰ মাখিবাহা গাঁৱৰ কুকুৰমাৰাত জন্ম হৈছিল। টিহুৰ অন্যতম বাতৰি কাকত বিতৰক প্ৰতিষ্ঠান বীণাপাণি বুক ষ্টলৰ অন্যতম প্ৰতিষ্ঠাপক কলিতাই কেবাগৰাকী প্ৰতিষ্ঠিত লেখকৰ কেবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। ১৯৮৪ খৃষ্টাব্দত তেওঁ ডুমুনী চাহ বাগিছাত চাকৰিত যোগদান কৰে। পৰৱৰ্তী সময়ত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি টিহুত হৰিচৰণ বুক ষ্টল নামৰ গ্ৰন্থ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। এগৰাকী সু অভিনেতা হিচাপেও পৰিচিত কলিতাই গুৰুজী যোগেশ চন্দ্ৰ শৰ্মা, সৰ্বেশ্বৰ দেৱ গোস্বামী আদি প্ৰখ্যাত অভিনেতাৰ সৈতে ” টিপু চুলতান”,”হাইদৰ আলী”আদি নাটকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। নাট্য-সংস্কৃতি অনুৰাগী কলিতাই যাত্ৰা পাৰ্টিও গঠন কৰিছিল। অসম সাহিত্য সভাৰ আজীৱন সভ্য কলিতাই টিহু সাহিত্য় সভা আৰু বাক্সা সাহিত্য সভাৰ সৈতে জৰিত আছিল। তেওঁৰ মৃত্যুত কনিষ্ঠ ভাতৃ বীণাপাণি বুক ষ্টলৰ স্বত্বাধিকাৰী মোহন চন্দ্ৰ কলিতা শোকত ভাগি পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুগৰাকী পুত্ৰ, এগৰাকী কন্যা সন্তান আৰু বহুতো আত্মীয়স্বজনক এৰি থৈ যায়। কলিতাৰ মৃত্যুত স্হানীয় বিধায়ক পবিন্দ্ৰ ডেকা,টিহু মহকুমা সাংবাদিক সন্হা,টিহু সাহিত্য সভা,টিহু চেম্বাৰ অফ্ কমাৰ্চ,টিহু আঞ্চলিক ছাত্ৰ সন্হা, টিহু জেষ্ঠ নাগৰিক সন্মিলন,টিহু মহকুমা ৰাজহুৱা পুথিভঁৰাল সমিতি আদি দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close