অসম

ডিগবৈত ধন পুৰস্কাৰ মেলাৰ সামৰণিঃচামডাং চাহ বাগিছাত সৰ্বাধিক ১ কোটি ৮০ লাখ টকাৰ মজুৰি পত্ৰ বিতৰণ

প্ৰথম খবৰ,পেঙেৰী:বেংকত একাউণ্ট খোলাৰ লগতে নগদ লেন দেনৰ বিপৰীতে বেংক যোগে লেন দেন কৰাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ চাহ বাগিছাসমূহত ৰূপায়িত কৰা চাহ বাগিছা ধন মেলাই তুংগত আৰোহন কৰিছে তিনিচুকীয়া জিলাত৷ যোৱা ২ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়াত উপস্থিত হৈ আচনিখন উদ্বোধন কৰাৰ পিছৰে পৰা চাহ বাগিছাৰ শ্ৰমিকসকলে ইয়াৰ সুবিধা লাভ কৰি উত্তফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্ৰীয়ে আচনিখন শুভাৰম্ভ কৰাৰ পিছৰে পৰা ডিগবৈ সমষ্ঠিৰ বিভিন্ন চাহ বাগিছাত চলি থকা এই ধন পুৰস্কাৰ মেলাৰ আজি চামডাং চাহ বাগিছাত সামৰণি পৰে৷ ডিগবৈ সমষ্ঠিৰ উদ্যমী যুৱ বিধায়ক সুৰেণ ফুকনে আজি চামডাং চাহ বাগিছাৰ শ্ৰমিকৰ মাজত উপস্থিত হৈ এই ধন পুৰস্কাৰ মেলাৰ মজুৰি পত্ৰ বিতৰণ কৰে৷ সেইমৰ্মে চামডাং চাহ বাগিছাৰ খেল পথাৰত আজি দিনৰ ভাগত আয়োজিত এক সভাত চাহ বাগিছাখনৰ শ্ৰমিকৰ মাজত এই আচনিৰ ধন প্ৰদান কৰা হয়৷ সমষ্টিটোৰ ভিতৰত সৰ্বাধিক ধন এই বাগিছাখনে লাভ কৰে৷ প্ৰতিগৰাকী শ্ৰমিকক ২৫ শ কৈ প্ৰদান কৰা মজুৰিৰ সৰ্বাধিক ১ কোটি ৮০ লাখ টকা বাগিছাখনে লাভ কৰে৷ শ্ৰমিকৰ মাজত এই আচনিৰ ধন বিতৰন কৰি বিধায়ক সুৰেণ ফুকনে বিজেপি দল আৰু বিধায়ক হিচাবে তেও সদায়ে জনসাধাৰনৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰাৰ লগতে আচনিখন ৰূপায়নৰ ক্ষেত্ৰত কোনোধৰনৰ দুৰ্নীতি গ্ৰহনযোগ্য নহ’ব বুলি মতপোষন কৰে৷ লগতে অহা বছৰৰ পৰা সমষ্টিটোৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ পৰিছন্ন বাগিছাখনলৈ ৫০ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদানৰ কথা ঘোষনা কৰে৷ আজি ধন মেলাৰ এই অনুষ্ঠানত বিধায়ক সুৰেন ফুকনৰ লগতে হাপজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া টিকেন্দ্ৰজিৎ মাৰাং,ভাৰতীয় চাহ মজদুৰ সংঘৰ চামডাং শাখাৰ বিষয় ববীয়া, বাগিছাখনৰ পৰিচালক উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close